নিয়মীয়া বার্তা, ১৮ এপ্রিলঃ সমগ্র বিশ্বতে আতংকৰ সৃষ্টি কৰা কৰোনা ভাইৰাছ (ক’ভিড–১৯) সংক্রমণৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে ঘোষণা কৰা দেশত দ্বিতীয় পর্যায়ৰ লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ মন্ত্রী, বিধায়কৰ লগতে বিভিন্নজনে আর্তজনৰ কাষলৈ গৈ সহায়ৰ হাত আগবঢ়াইছে যদিও ৰাজ্যৰ এগৰাকী বিধায়কে দায়িত্বৰ প্রতি পিঠি দি লকডাউনৰ দোহাই দি সন্ধানহীন হৈ থকা বুলি সর্বত্র চর্চা চলিছে ৷ তেওঁ বঙাইগাঁও জিলাৰ অভয়াপুৰী দক্ষিণ (অনুঃ) বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক অনন্ত কুমাৰ মালো ৷ ৰাইজৰ ক্ষোভৰ বহিঃপ্রকাশ ঘটি একাংশ মহিলাই শুকুৰবাৰে সন্ধিয়া ব্যতিক্রমী প্রতিবাদী স্বৰূপে অতি প্রয়োজনীয় খাদ্যসামগ্রীৰ এটা টোপলা বিধায়কগৰাকীক সাহায্য দিবলৈ বিধায়কৰ বাসগৃহত উপস্থিত হয় ৷
বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তাপাৰাস্থিত বিধায়কগৰাকীৰ বাসগৃহত সাহায্যৰ টোপোলা লৈ বিধায়কৰ লগতে তেওঁৰ পৰিয়ালৰ খবৰ ল’বলৈ উপস্থিত হয় ৷ মহিলাকেইগৰাকীয়ে দুই কিলোগ্রাম চাউলসহ দাইল, মিঠাতেল আৰু নিমখ আদি খাদ্যসামগ্রীৰ এটা টোপোলা সাহায্য হিচাপে বিধায়কগৰাকীক আগবঢ়াবলৈ আহে ৷ মহিলাকেইগৰাকীয়ে বিধায়কৰ বাসগৃহৰ সন্মুখত উপস্থিত হৈ বিধায়কগৰাকীক মাতিবলৈ ধৰে ৷ পিছত বিধায়কগৰাকীৰ দেহৰক্ষীয়ে বিধায়কে লগ নকৰে বুলি মহিলাকেইগৰাকীক অৱগত কৰায় ৷ পিছত মহিলাকেইগৰাকীয়ে উপায়ান্তৰ হৈ বিধায়কৰ বাসগৃহৰ সন্মুখত ক্ষোভ প্রকাশ কৰা পৰিলক্ষিত হয় ৷
উল্লেখ্য যে লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিত দিন হাজিৰা কৰা শ্রমিক তথা দৰিদ্র পৰিয়ালৰ মাজত প্রয়োজনীয় খাদ্যসামগ্রী নাটনি হোৱাত পৰিয়ালসমূহৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ তেনে সময়তে বিধায়ক অনন্ত কুমাৰ মালোই সমষ্টিবাসীৰ দুখ–দুর্দশাৰ খবৰ ল’বলৈ সময় নাই বুলি অভিযোগ উত্থাপিত হৈছে ৷ সমষ্টিটোৰ অধীনস্থ একাংশ দিন হাজিৰা কৰা শ্রমিক তথা দৰিদ্র পৰিয়ালয়ে খাদ্যৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৷ কিন্তু সমষ্টিবাসীয়ে বিধায়কগৰাকীৰ কোনো সন্ধান লাভ নকৰাত ক্ষুব্ধ হৈ পৰে ৷ আনহাতে বিধায়কগৰাকীক সাহায্য আগবঢ়াবলৈ অহা মহিলাকেইগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে, মহিলাকেইগৰাকীৰ পৰিয়ালৰ লোকে কেইদিনমান ধৰি খাবলৈ পোৱা নাই ৷ তেনে সময়তে বিধায়কগৰাকীয়ে তেওঁলোকৰ খবৰ নোলোৱাত ক্ষুব্ধ হৈ ওলোটাই বিধায়কগৰাকীকে সাহায্য দিবলৈ আহে ৷ এনেদৰে ক্ষুব্ধ মহিলাৰ দলটোৱে বিধায়কৰ ওপৰত ক্ষোভ প্রকাশ কৰা ঘটনাত ৰাজ্যৰ সর্বত্র চর্চা চলিছে ৷