নিমাতীঘাটত ব্রিটিছ পর্যটকৰ আকস্মিক মৃত্যু
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ যোৰহাট জিলাৰ নিমাতীঘাটত এজন ইংলেণ্ডৰ পর্যটকৰ মৃত্যু হয় ৷ এলেষ্টেয়াৰ নীল মেকড’নাল্ড নামৰ লোকজন ইংলেণ্ডৰ এটা পর্যটকৰ দলৰ সৈতে অসম ভ্রমণলৈ আহিছিল ৷ চৰাইদেউ নামৰ জাহাজখনেৰে ব্রহ্মপুত্রত ভ্রমণ কৰিছিল দলটোৱে ৷ বৃহস্পতিবাৰে নিমাতীঘাটত আছিল দলটো ৷ পুৱা দলটোৰ সকলো শুই উঠি নিজা কামত লাগে যদিও এজন পর্যটক দেৰিলৈকে নুঠা দেখি লগৰবোৰে উঠাবলৈ বিচাৰে ৷ কিন্তু তেওঁৰ মৃত্যু ঘটে৷ ৮৩ বছৰীয়া ব্রিটিছ পর্যটকজনক পাছত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে ৷