নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিযুক্তি পোৱা স্থানতে ১০ বছৰলৈ শিক্ষাদান কৰিব লাগিব শিক্ষকে

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বিধানসভাৰ মজিয়াত শিক্ষাৰ ক্ষেত্ৰত আহিব লগা এখন নতুন আইনৰ বিষয়ে উল্লেখ কৰে । এই নতুন আইন অনুসৰি কোনো এজন শিক্ষকে যোগদান কৰা জিলাখনত দহ বছৰ শিক্ষাদান কৰিবই লাগিব । দহ বছৰৰ পাচতহে অনলাইন যোগে চৰকাৰে পদবী পূৰণৰ বাবে জাৰি কৰা বিজ্ঞাপন অনুসৰি নিজৰ গৃহ জিলা অথবা নিকৱৰ্তী জিলাখনত আবেদন কৰিব পাৰিব শিক্ষকগৰাকীয়ে ।

উল্লেখ্য যে, পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত এই আইনৰ অধীনত চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও বিধানসভাত উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এই আইন ভংগকাৰীসকলৰ ক্ষেত্ৰত তিনিবছৰৰ সশ্ৰম কাৰাদণ্ডৰ ব্যৱস্থা ৰাখিছে । যিজনে শিক্ষকৰ বদলিৰ বিষয়টো উত্থাপন কৰিব আৰু যিজনে নিশ্চিতি প্ৰদান কৰিব দুয়োজনৰে ক্ষেত্ৰত ৩ বছৰৰ কাৰাদণ্ড থাকিব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । ইফালে, এই দুই তিনিবছৰৰ ভিতৰত যিসকল শিক্ষকে নিযুক্তি পোৱা বিদ্যালয়ৰ পৰা বদলি হৈ অন্য বিদ্যালয়লৈ আহিছল সেইসকলক পুনৰ নিজ নিজ স্থানলৈ প্ৰেৰণ কৰা হ’ব বুলিও কয় শিক্ষামন্ত্ৰীগৰাকীয়ে ।

You might also like