নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনত আদিবাসী এলেকাত বিজেপিৰ প্রৱেশ নিষিদ্ধ

জনজাতিৰ মর্যাদা–শান্তি চুক্তিৰ দাবীঃ আছা–আদিবাসী জাতীয় মহাসভাৰ হুংকাৰ

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ অসমৰ আদিবাসীসকলক অনুসূচিত জনজাতিৰ মর্যাদা প্রদান কৰি শীঘ্রেই আদিবাসী শান্তি চুক্তি ৰূপায়ণ কৰাৰ দাবীত ঢেকীয়াজুলিত আছাৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আদিবাসী জাতীয় মহাসভাৰ সহযোগত শুকুৰবাৰে বিশাল গণ সমাৱেশ অনুষ্ঠান অনুষ্ঠিত হয় ৷ গণ সমাৱেশ অনুষ্ঠানত সভাপতিত্ব কৰে আছাৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ সভাপতি সুৰেশ তাঁতীয়ে ৷ আদিবাসীসকলৰ শান্তি চুক্তি স্বাক্ষৰ কৰাৰ দাবীত অনুষ্ঠিত বিশাল গণ সমাৱেশত আদিবাসী যুদ্ধবিৰত সংগঠন বিৰচা কমাণ্ডো ফ’ৰ্চৰ মুখ্য সেনাধ্যক্ষ বিৰসিং মুণ্ডা উপস্থিত হৈ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত জনাই যে বিগত ৩০ বছৰ ধৰি আদিবাসীসকলৰ জনজাতিকৰণক লৈ অগপ, কংগ্রেছ, বিজেপি প্রত্যেকখন চৰকাৰে ৰাজনীতি কৰি আছে ৷ আদিবাসীসকলক জনজাতিকৰণৰ মর্যাদা প্রদান কৰি জনগোষ্ঠীটোৰ উন্নয়ন ক্ষিপ্রতৰ কৰিবলৈ চৰকাৰক আহ্বান জনায় নেতাজনে ৷ আনহাতে যিদৰে অস্ত্রধাৰী সংগঠন এন ডি এফ বিক লৈ কেন্দ্রীয় চৰকাৰে বড়ো শান্তি চুক্তি স্বাক্ষৰিত কৰিলে তেনেদৰে আদিবাসী উগ্রপন্থী সংগঠনসমূহক লৈ চৰকাৰে শীঘ্রেই আলোচনা কৰি আদিবাসী শান্তি চুক্তি কৰি সমস্যাৰ সমাধান কৰিব লাগে বুলি চৰকাৰক আহ্বান জনায় অস্ত্রবিৰত সংগঠনৰ নেতাজনে ৷ গণ সমাৱেশত ভাষণ দি আছাৰ কেন্দ্রীয় উপ–সভাপতি নোৱাছ বার্লাই কয় যে ৰাজ্য তথা কেন্দ্রীয় চৰকাৰে শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ পিছতে আদিবাসীসকলৰ সমস্যাসমূহ শীঘ্রেই পূৰণ কৰিব বুলি প্রতিশ্রুতি প্রদান কৰিছিল যদিও বর্তমানলৈ জনগোষ্ঠীটোৰ সমস্যাসমূহৰ প্রতি চৰকাৰে কোনোধৰণৰ ভ্রূক্ষেপ নকৰিলে৷আদিবাসীসকলক জনজাতিকৰণ আৰু শীঘ্রেই আদিবাসী শান্তি চুক্তি ৰূপায়ণ কৰি জনগোষ্ঠীটোক উচিত মর্যাদা প্রদান কৰিবলৈ চৰকাৰক দাবী জনায় নেতাজনে৷ ২০২০ চনৰ ভিতৰত যদি বিজেপি চৰকাৰে আদিবাসীসকলক জনজাতিকৰণৰ মর্যাদা নিদিয়ে তেন্তে হ’বলগীয়া নির্বাচনৰ সময়ত বিজেপি চৰকাৰক আদিবাসী এলেকাত প্রৱেশ নিষিদ্ধ কৰা হ’ব বুলি জনায় কেন্দ্রীয় নেতাজনে৷ সমাৱেশত শোণিতপুৰ জিলাৰ সভাপতি অমৰজিৎ কেৰকেটাই ভাষণ দি কয় যে আদিবাসীসকলক বিজেপি চৰকাৰে জনজাতিকৰণ কৰিম বুলি প্রতিশ্রুতি দিছিল যদিও বর্তমানলৈ এইখন চৰকাৰে আদিবাসীসকলক কোনো গুৰুত্ব নিদিলে ৷ বিজেপি চৰকাৰে জনজাতিকৰণৰ মর্যাদা নিদিলে হ’বলগীয়া ৰঙাপৰা সমষ্টিৰ উপ–নির্বাচনৰ সময়ত বিজেপি চৰকাৰক আদিবাসী এলেকাত প্রৱেশ নিষিদ্ধ কৰা হ’ব বুলি হুংকাৰ দিয়ে আছাই ৷ আদিবাসী জাতীয় মহাসভাৰ সভাপতি বীৰেন মির্ধাই গণ সমাৱেশত ভাষণ দি কয় যে চৰকাৰে আদিবাসী জনগোষ্ঠীটোৰ মূল সমস্যাসমূহ সমাধান কৰাৰ পৰিৱর্তে ৰাজনীতিহে কৰি আছে বুলি অভিযোগ উত্থাপন কৰি আদিবাসীসকলক শীঘ্রেই জনজাতিকৰণ কৰাৰ লগতে আদিবাসী শান্তি চুক্তি কৰিবলৈ চৰকাৰক দাবী জনায়৷ আদিবাসী সুৰক্ষা সমিতিৰ সভাপতি বলদেৱ তেলীয়ে বিশাল গণ সমাৱেশত উপস্থিত হৈ অসম চৰকাৰে পৰিকল্পিতভাৱে আদিবাসীসকলক বঞ্চিত কৰি আহিছে বুলি অভিযোগ তোলে ৷ আদিবাসীসকলক জনজাতিৰ মর্যাদা দিবই লাগিব বুলি চৰকাৰক দাবী জনায় নেতাজনে৷ বিশাল গণ সমাৱেশত আছাৰ শোণিতপুৰ জিলাৰ উপ–সভাপতি নাৰায়ণ সিং গৌৰ, শোণিতপুৰ জিলাৰ বিষয়ববীয়া দীপক তাঁতীৰ লগতে আছাৰ ঢেকীয়াজুলি আঞ্চলিকৰ সভাপতি সুৰেশ তাঁতী প্রমুখ্যে নেতা–কর্মীসকল উপস্থিত থাকে ৷

You might also like