নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিষ্ঠুৰ পিতৃ! পুখুৰীত দলিয়াই হত্যা কৰিলে পুত্ৰ-কন্যাক

পুখুৰীত দলিয়াই হত্যা কৰিলে পুত্ৰ-কন্যাক

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে দৰং জিলাৰ দলগাঁৱৰ ৰোহিনীকাষ গাঁৱত। পিতৃ-মাতৃৰ পাৰিবাৰিক কন্দলৰ পৰিণতিত মৃত্যু নুৰ ছাহিদী আৰু আৰু ইয়াদুল হুছেইন দুই কণমানিৰ।

উল্লেখ্য যে  নজৰুল ইছলাম নামৰ লোকজনে ঘৰৰ প্ৰায় কাষতে থকা এটা পুখুৰীলৈ দলিয়াই দিয়ে নিজৰ দুই সন্তানক। পুৱতি নিশা প্ৰায় ৩ বজাত শুই থকা অৱস্থাত বিচনাৰ পৰা উঠাই নি পুখুৰীত পেলাই দিয়ে পিতৃ নজৰুলে আৰু পানীত ককবকাই থকা অৱস্থাতেই মৃত্যু হয় শিশুদুটিৰ। পুৱা পুখুৰীত উপঙি থকা অৱস্থাত স্থানীয়লোকে উদ্ধাৰ কৰে শিশুদুটিক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আনহাতে অভিযুক্ত নজৰুল ইছলামে পাৰিবাৰিক কন্দলৰ বাবেই শিশুদুটিক হত্যা কৰাৰ কথা স্ৱীকাৰ কৰে। আৰক্ষীয়ে অভিযুক্তক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।