নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ সমগ্ৰ দেশত লকডাউন চলি থকাৰ উপৰি বিটিচি নিৰ্বাচনী আচৰণবিধি বলৱত হৈ থকাৰ সময়তে জুম বান্ধি খৈৰাবাৰীত নিশা বিপিএফৰ নেতাই আঁঠুৱা, কম্বল বিতৰণ কৰি থকা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উত্থাপিত অভিযোগ মতে, সোমবাৰে নিশা আঠমান বজাত ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ গোপছাচু বা ভিচিডিচিৰ অন্তৰ্গত পাকৰিবাৰী গাঁৱত বিটিচিৰ ইএম লৌমশ্ৰাউ দৈমাৰী আৰু চেয়াৰমেন খগেন বড়োৰ নিৰ্দেশত জয়ন্ত ডেকা আৰু তপন ডেকাই গাঁওখনত আঁঠুৱা, কম্বল বিতৰণ কৰিবলৈ লয় । ৰাইজে এই কথা গম পাই আৰক্ষী প্ৰশাসন, স্থানীয় এবছু কৰ্মী, ইউপিপিএলৰ কৰ্মীসকলক ফোনযোগে অৱগত কৰে ।
তপন ডেকাৰ ঘৰত আৰক্ষী উপস্থিত হয় আৰু যথেষ্টসংখ্যক লোকৰ সমাগম হয় । ছেগ বুজি বিপিএফৰ নেতা-কৰ্মীসকলে পলায়ন কৰে । ঘটনাস্থলীৰ পৰা আঢ়ৈ বাণ্ডিল কম্বল উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । বিপিএফৰ নেতা তপন ডেকাক হাতেলোটে ধৰে যদিও আৰক্ষীয়ে গোচৰ ৰজু নকৰি তেওঁক বাটতে এৰি দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । পাছত ভেৰগাঁও আৰক্ষীয়ে কম্বলৰ বাণ্ডিলকেইটা থানালৈ আনে । সংক্ৰমিত ক’ৰোনা ভাইৰাছ আতংকৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে লকডাউন কাৰ্যসূচী চলি থকাৰ সময়ত বিপিএফৰ আঁঠুৱা কম্বল বিতৰণক গৰিহণা দিছে স্থানীয় ৰাইজে ।