নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীলমণি ফুকনৰ কবিতাক গীতলৈ ৰূপান্তৰ ‘মনকবিতা’ৰ

🔹 ইউটিউবত মুকলি ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’

বিশেষ বাৰ্তা, ৩০ মেঃ ৰাউল কৌশিক নাথ ফাউণ্ডেচনৰ বেনাৰত জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ জনপ্রিয় কবিতা ‘টোপনিতো তেওঁ মোক খেদি পুৰিছিল’ক গীতৰ ৰূপ দিয়া হৈছে ৷ জনপ্রিয় গীতিকাৰ জয় বৰুৱাই গীতলৈ ৰূপান্তৰ কৰা ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ শীর্ষক গীত ইউটিউবত মুকলি কৰা হয় ৷ তদুপলক্ষে গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত নয়ন প্রসাদে কয় যে ৰাউল কোশিক নাথ ফাউণ্ডেচনে ২০২২ চনত ‘মনকবিতা’ৰ জৰিয়তে কবি নীলমণি ফুকনৰ বিখ্যাত কবিতা ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ক গীতৰ ৰূপ দিয়াৰ পৰিকল্পনা গ্রহণ কৰি জয় বৰুৱাক দায়িত্ব অর্পণ কৰিছিল ৷ ইয়াৰ পিছতেই বৰুৱাই নীলমণি ফুকনৰ এই কবিতাটোক গীতলৈ ৰূপান্তৰ কৰিছে ৷ জয় বৰুৱাই প্রস্তুত কৰা গীতটিত শংকুৰাজ কোঁৱৰে পিএন’, মনস্কুৱাম মহন্তই গীটাৰ, ইবছনলাল বৰুৱাই মিক্স আৰু মাষ্টাৰিং, সমুদ্র কাজল শইকীয়াই ভিডিঅ আৰু কলা নির্দেশনা আগবঢ়ায় ৷ ইবছনলাল বৰুৱাই গীতটিক বিশেষভাৱে সজাই–পৰাই তোলাৰ লগতে প্রিয়াংকু শর্মাই উপশিৰোনামৰ বাবে ইংৰাজী অনুবাদ কৰিছে ৷ কবি নীলমণি ফুকনৰ কবিতাটিক গীতলৈ ৰূপান্তৰিত কৰি দর্শক–শ্রোতাৰ মাজলৈ মুকলি কৰি দিয়াৰ পিছত ৰাউল কৌশিক নাথ ফাউণ্ডেচনে সন্তোষ প্রকাশ কৰে ৷ উল্লেখ্য যে মন কবিতা হৈছে ফাউণ্ডেচনৰ উদ্যোগত অসমীয়া কবিতাত লুকাই থকা সম্পদ গীতলৈ ৰূপান্তৰ কৰাৰ এক ব্যতিক্রমী প্রয়াস ৷ সংবাদ মেলত কৌশিক নাথ, সমুদ্র কাজল শইকীয়া, জয় বৰুৱা, শংকুৰাজ কোঁৱৰ, উৎপল বৰপূজাৰী আৰু মনস্কুৱাম মহন্ত উপস্থিত থাকে ৷

You might also like