নৱ ঠাকুৰীয়াৰ বিৰুদ্ধে প্রতিবাদত নামিল সাংবাদিক
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ বহু প্রত্যাশিত গুৱাহাটী প্রেছ ক্লাবৰ সাধাৰণ নির্বাচনৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ হৈ উঠিছে৷ সুদীর্ঘ ১৭ বছৰৰ পিছত অহা ১২ মার্চত অনুষ্ঠিত হ’ব এই নির্বাচন৷ এক সংবাদ মেলত নির্বাচনৰ তথ্যসমূহ সদৰী কৰি প্রিজাইডিং বিষয়া অজিত পাটোৱাৰীয়ে কয় যে এইবাৰৰ নর্বাচনত মুঠ ৩৬গৰাকী প্রার্থীয়ে অংশগ্রহণ কৰিছে৷ ইয়াৰে ৮গৰাকী মহিলা প্রার্থী৷ মুঠ ভোটাৰৰ সংখ্যা হ’ল ৮১৬৷ ইতিমধ্যে বেলট পেপাৰ ছপোৱাৰ কাম শেষ হৈছে৷ প্রার্থী আৰু তেওঁলোকৰ প’লিং এজেণ্টসকলৰ পৰিচয়–পত্রও সাজু কৰা হৈছে৷ কাইলৈ বিয়লি ৩ বজাত প্রার্থী আৰু পলিং এজেণ্টসকলৰ উপস্থিতিত বেলট বাকচসমূহ ছীল কৰা হ’ব৷ এই বেলট বাকচসমূহ ৰাজ্যিক নির্বাচনী আয়োগে যোগান ধৰিছে৷ উল্লেখ্য যে যোৱা ২০ ফেব্রুৱাৰীত অনুষ্ঠিত গুৱাহাটী প্রেছ ক্লাবৰ সাধাৰণ সভাই বিগত ১৭ বছৰৰ অচলাৱস্থাৰ অৱসান ঘটাই নতুনকৈ নির্বাচন অনুষ্ঠিত কৰিবৰ বাবে এখন নির্বাচনী সমিতি গঠন কৰি দিছিল৷ উক্ত সভাত সংবিধানৰো কিছু সালসলনি ঘটোৱা হৈছিল৷ এই সিদ্ধান্তমর্মেই অহা ১২ মার্চত অনুষ্ঠিত হ’ব নির্বাচন৷ আনহাতে প্রেছ ক্লাব পৰিচালনাৰ বাবে গঠন কৰা আহ্বায়ক সমিতিৰ মুখ্য আহ্বায়ক সুশান্ত তালুকদাৰে কয় যে অতি কম সময়ৰ ভিতৰত সুচাৰুৰূপে নির্বাচন অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱা বাবে নির্বাচনী সমিতি ধন্যবাদৰ পাত্র৷ কিন্তু এই প্রক্রিয়াটো বাধাগ্রস্ত কৰিবলৈ প্রাক্তন সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়া আদালতৰ কাষ চাপিছে৷ অথচ তেওঁ জড়িত হৈ থকা পূর্বৰ সমিতিখনেও ২০ ফেব্রুৱাৰীৰ সাধাৰণ সভাৰ সিদ্ধান্তক আদৰণি জনাইছিল৷ এতিয়া প্রাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে আদালতৰ ওচৰলৈ গৈ নির্বাচনী প্রক্রিয়া কিয় বন্ধ কৰিব বিচাৰিছে, সেইটোহে বোধগম্য হোৱা নাই৷ মুখ্য আহ্বায়কগৰাকীয়ে লগতে বিগত সময়ছোৱাৰ হিচাপ–নিকাচ দাখিলৰ ক্ষেত্রত নৱ ঠাকুৰীয়াৰ সহযোগিতা কামনা কৰে৷ সংবাদ মেলত ৰিটার্নিং বিষয়া বিজন মহাজনে কয় যে ন্যস্ত স্বার্থজড়িত এটা মহলে এতিয়া প্রেছ ক্লাবৰ গণতন্ত্র প্রতিষ্ঠাৰ প্রক্রিয়াত বাধাৰ সৃষ্টি কৰিব বিচাৰিছে৷ কিন্তু আমাৰ ন্যায়পালিকাৰ ওপৰত সম্পূর্ণ আস্থা আছে৷ গতিকে ন্যায়ালয়ত ন্যস্ত স্বার্থজড়িত মহলৰ আবেদন খাৰিজ হোৱাৰ সম্ভাৱনাই অধিক৷ ন্যায়পালিকাই কেতিয়াও গণতন্ত্রৰ পৰিপন্থী কাম নকৰে৷
নৱ ঠাকুৰীয়াৰ বিৰুদ্ধে প্রেছ ক্লাবত সাংবাদিকৰ ধর্ণা–প্রতিবাদ
গুৱাহাটী প্রেছ ক্লাবৰ নির্বাচন বন্ধ কৰিবলৈ অপসাৰিত সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়াই ইটোৰ পিছত সিটো ষড়যন্ত্র ৰচনা কৰাৰ পিছত ক্ষুব্ধ সাংবাদিক সমাজ অৱশেষত প্রতিবাদ কৰিবলৈ বাধ্য হ’ল৷ ১৭ বছৰৰ পিছত অনুষ্ঠিত হ’বলগীয়া নির্বাচনৰ দুদিন পূর্বে গুৱাহাটী প্রেছ ক্লাবৰ সন্মুখত সাংবাদিকসকলে হাতে হাতে প্লেকার্ড লৈ অপসাৰিত সাধাৰণ সম্পাদকজনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদকাৰী সাংবাদিকসকলে নির্বাচনৰ পূর্বে নির্ধাৰণ কৰা দিনতে অনুষ্ঠিত কৰিবলৈ দাবী জনোৱাৰ লগতে বিগত ১৭ বছৰৰ হিচাপ প্রকাশ কৰিবলৈ দাবী জনায়৷ উল্লেখ্য যে গোপনে প্রেছ ক্লাবত প্রৱেশ কৰি বহু নথি–পত্র জ্বলাই দিয়াকে ধৰি বহু ষড়যন্ত্র ৰচনা কৰিও প্রেছ ক্লাবৰ নির্বাচন বন্ধ কৰিব নোৱাৰি নৱ ঠাকুৰীয়া শেহতীয়াভাৱে অকলে আদালতৰ দ্বাৰস্থ হৈছে৷ য’ত অপসাৰিত সাধাৰণ সম্পাদকজনে অভিযোগ কৰিছে নির্বাচন অসাংবিধানিক বুলি৷ নৱ ঠাকুৰীয়াৰ এনে ষড়যন্ত্রত ক্ষুণ্ণ হৈ পৰিছে সাংবাদিক সমাজ৷ উল্লেখ্য যে নৱ ঠাকুৰীয়াৰ বাহিৰে পূর্বৰ কমিটীখনৰ সভাপতি সঞ্জীৱ কুমাৰ ফুকনকে ধৰি সকলোৱে এই নির্বাচনী প্রক্রিয়াত সহযোগ কৰিছে৷ বিগত ১৭ বছৰৰ হিচাপ দিব নোৱাৰিয়েই যে এই নির্বাচনী প্রক্রিয়াত অপসাৰিত সাধাৰণ সম্পাদকজনে বিধি–পথালি দিব বিচাৰিছে সেয়া ইতিমধ্যেই স্পষ্ট হৈ পৰিছে৷ কাৰণ বিগত সময়ছোৱাৰ হিচাপ দাখিল কৰিবলৈ সাধাৰণ সভাই গঠন কৰি দিয়া বিত্তীয় কমিটীয়ে বান্ধি দিয়া নির্দিষ্ট সময়ৰ ভিতৰত তেওঁ কোনো হিচাপ দিব নোৱাৰিলে৷ বিত্তীয় কমিটীখনক কোনোধৰণেই সহযোগো কৰা নাই নৱ ঠাকুৰীয়াই৷ প্রতিবাদকাৰী সাংবাদিকসকলে ন্যায়পালিকাৰ ওপৰত সম্পূর্ণ আস্থা প্রকাশ কৰি কয় যে ন্যায়ালয়ে সঠিক সিদ্ধান্ত ল’ব বুলি সকলো আশাবাদী৷ প্রতিবাদত অংশ লৈ জ্যেষ্ঠ সাংবাদিক ছায়ামণি ভূঞাই কয় যে ১৭টা বছৰে প্রেছ ক্লাবৰ সংবিধানখন পদদলিত কৰি থোৱা নৱ ঠাকুৰীয়াৰ মুখত অন্ততঃ সংবিধান ৰক্ষাৰ কথাই শোভা নাপায়৷ সাধাৰণ সভাই গঠন কৰি দিয়া আহ্বায়ক কমিটীৰ হৈ পূর্বৰ কমিটীৰ সভাপতি সঞ্জীৱ কুমাৰ ফুকনে সাংবাদিকসকলক আশ্বস্ত কৰে যে ন্যায়ালয়ে এটা সঠিক সিদ্ধান্তই দিব আৰু ১৭ বছৰৰ মূৰত গণতন্ত্র উদ্ধাৰ প্রচেষ্টা কোনো কাৰণতে বাধাগ্রস্ত নহ’ব বুলি সকলো আশাবাদী৷ প্রতিবাদী সাংবাদিকসকলক সম্বোধন কৰি জ্যেষ্ঠ সাংবাদিক তথা ইলেক্ট্রনিক মিডিয়া ফৰাম, অসমৰ কার্যকৰী সভাপতি পৰাগমণি আদিত্যই নৱ ঠাকুৰীয়াৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে যে নৱ ঠাকুৰীয়াই ফ’ৰামৰ সভাপতি হিচাপে বিগত ১২টা বছৰে বিভিন্ন অজুহাতত সাধাৰণ সভা তথা অধিৱেশন নপতাকৈ আছে আৰু এই সময়ছোৱাৰ কোনো হিচাপ–পত্র দিয়া নাই৷ এনে পৰিস্থিতিতে সম্ভৱতঃ সকলো সহকর্মী–সতীর্থৰ পৰা আঁতৰি থাকি বিভিন্ন ধৰণে প্রেছ ক্লাবৰ নির্বাচনটো বন্ধ কৰাৰ অপচেষ্টাত লিপ্ত হৈছে অপসাৰিত সাধাৰণ সম্পাদকজন৷