নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথাৰ অথবা চাহ-বাগিচা নহয়, এইবাৰ নামঘৰত গজৰাজ

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ গোলাঘাট জিলাৰ মৰঙি মৌজাত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস । দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা বন্যহস্তী এইবাৰ প্ৰৱেশ কৰে নামঘৰত । ৫ নং ৰংবং অঞ্চলৰ নামঘৰত প্ৰৱেশৰ পাচতেই কাষৰীয়া ধাননি পথাৰত ধান খাই তহিলং কৰে বন্যহস্তীৰ দলটোৱে । উল্লেখ্য যে, বনাঞ্চল সংকুচিত হৈ অহাৰ ফলতেই বিগত বহুবছৰ ধৰি মৰঙি অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছে বন্যহস্তীয়ে ।

প্ৰতিবছৰেই কৃষকে ফচল চপোৱাৰ সময়তে চলা এই সন্ত্ৰাসৰ বাবে এতিয়া মূৰে-কপালে হাত দিছে অঞ্চলটোৰ চহা কৃষকসকলে । ধান চপোৱাৰ সময়তে নামি অহা অন্ধকাৰৰ যেন কোনো সমাধান সূত্ৰ উলিয়াব পৰা নাই বনবিভাগে । বছৰৰ পাছত বছৰ ধৰি চলি অহা এই সমস্যা ক্ৰমাত জটিল হৈ পৰিছে অঞ্চলটোত । উল্লেখ্য যে , কিছুদিন পূৰ্বে অঞ্চলটোৰে নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত প্ৰৱেশ কৰি বন্যহস্তীয়ে কেইবাখনো মটৰ চাইকেল ভাঙি চূৰমাৰ কৰাৰ লগতে হস্তীদণ্ডী সমূহ বন্ধ কৰি দিয়াৰ যেন প্ৰতিবাদহে কৰিছিল এই হাতীটোৱে ।

You might also like