নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰীঃ বিগত চাৰি বছৰে অসম বিধানসভাত নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্রত শইকীয়াই নাজিৰাৰ বাট–পথসমূহৰ উন্নয়নৰ বাবে দাখিল কৰি অহা দাবীক অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে কোনো সময়তে গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰিছে ৷ পঞ্চায়ত প্রতিনিধিসহ একাংশ লোকে নাজিৰাৰ মিলন মন্দিৰৰ কাষত ড০ শর্মাক আগভেটি ধৰি বিভিন্ন শ্লোগান দিয়ে৷ আনহাতে, বিধায়ক তথা বিৰোধী দলপতি শইকীয়াই তেওঁ মেৰামতি বা নির্মাণৰ বাবে দাবী তোলা পথসমূহৰ এখন তালিকাও প্রদর্শন কৰে ৷ কিন্তু চৰকাৰে এইক্ষেত্রত সম্পূর্ণ নির্বিকাৰ ভূমিকা লয় বুলি অভিযোগ কৰে বিধায়ক শইকীয়াই ৷ ইফালে পথ পৰিদর্শন কৰিবলৈ যোৱা ড০ শর্মাক বাধা দি কংগ্রেছে লেতেৰা ৰাজনীতিৰ আশ্রয় লোৱাত প্রতিক্রিয়া সৃষ্টি হৈছে ৷ সংবাদ মাধ্যমৰ আগত দেৱব্রত শইকীয়াক মন্ত্রীজনে কটাক্ষ কৰি জানিবলৈ দিয়ে যে নাজিৰা সমষ্টিৰ প্রত্যেকটো বিধ্বস্ত পথ শীঘ্রে মেৰামতি কৰিবলৈ অনুমোদন দিয়াৰ লগতে অহা ১১, ১২ মার্চত পুনৰ নাজিৰালৈ আহি গেলেকী অঞ্চলৰ শোচনীয় বাট–পথসমূহ পৰিদর্শন কৰি মেৰামতি কৰা হ’ব ৷ যাতায়াতৰ ক্ষেত্রত নাজিৰাবাসীৰ প্রত্যেকটো সমস্যা সমাধান কৰিব বুলিও মন্ত্রীজনে ৰাইজক অৱগত কৰে ৷ ইপিনে ‘কা’বিৰোধী আন্দোলনৰ সমর্থকসকলে নাজিৰা নগৰ চাৰিআলি, কলেজ তিনিআলি আদিত মন্ত্রী আৰু সাংসদলৈ ক’লা পতাকা প্রদর্শন কৰে ৷ বীৰ লাচিত সেনা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অনুসূচিত জাতি যুৱ–ছাত্র পৰিষদ আদি সংগঠনে ‘কা’ বাতিল কৰক, বিজেপি মুর্দাবাদ আদি ধ্বনি দিয়ে ৷