নিয়মীয়া বার্তা, ১৮ এপ্রিলঃ সমগ্র দেশজুৰি দ্বিতীয় পর্যায়ৰ তলাবন্ধ কার্যসূচী অব্যাহত থকা সময়তে যোৰহাটৰ পশ্চিম ৰাজহ চক্রৰ কার্যালয়ৰ অন্তর্গত উত্তৰ পশ্চিম যোৰহাটৰ ঢেকৰগড়া উন্নয়ন খণ্ডৰ বৃহৎ অঞ্চলটোৰ দৰিদ্র ৰাইজ অত্যাৱশ্যকীয় খাদ্যসামগ্রী যোগাৰৰ ক্ষেত্রত বিপর্যয়ৰ সন্মুখীন হ’বলগীয়াত পৰিছে বুলি জানিব পৰা গৈছে ৷ চৰকাৰৰ লগতে বিভিন্ন সামাজিক সংগঠন তথা মানৱদৰদীয়ে এই সময়ছোৱাত জিলাখনৰ বিভিন্ন স্থানলৈ গৈ অভাৱগ্রস্তসকলৰ মাজত দাইল, আলু, তেল আদি অত্যাৱশ্যকীয় খাদ্যসামগ্রী বিতৰণ কৰি সহায়ৰ হাত আগবঢ়াই আহিছে যদিও তুলনামূলকভাৱে নগৰৰ পৰা দূৰৈত থকা হেতু অঞ্চলটোৰ ৰাইজৰ কাষত কোনো চৰকাৰী, বেচৰকাৰী লোক উপস্থিত হোৱা নাই ৷
জানিব পৰা মতে, উন্নয়ন খণ্ডটোৰ অধীনৰ ১৮খন গাঁও পঞ্চায়তৰ ১১৫খন গাঁৱৰ অধিকাংশই ভোগদৈ আৰু ব্রহ্মপুত্রৰ পাৰৰ নৈপৰীয়া খেতিয়ক আৰু শ্রমজীৱী লোক ৷ তলা বন্ধৰ পিছৰে পৰাই বহুতে কর্মসংস্থান হেৰুওৱাৰ লগতে খেতিয়কসকলৰ ফচল বজাৰলৈ নিব নোৱাৰাত পথাৰতে নষ্ট হৈ যায় ৷ উপার্জনবিমুখ হৈ পৰাত তেওঁলোকৰ অৱস্থা সম্প্রতি তথৈবচ ৷ চৰকাৰীভাৱে দিয়া চাউলখিনি পাইছে যদিও আলু, দাইল, তেলৰ পৰা বঞ্চিত হ’ব লগাত পৰিছে ৷ ইফালেদি চৰকাৰে বিশেষ আঁচনিৰ যোগেদি দিয়া পাঁচশ টকা বহুতৰেই একাউণ্টত সোমাইছে যদিও যোগাযোগ ব্যৱস্থা নথকাত তেওঁলোকে ধন উলিয়াবলৈ যাব পৰা নাই বেংকলৈ৷ বিশেষকৈ বৰমূৰ চাপৰি, ধলখুলৈ গাঁও, দৰিকামাৰী, গৰুমৰা কৈৱর্ত্ত গাঁও, গেন্ধালী চাপৰি, গৰিয়া চাপৰি, ৰঙাগডা চাপৰি, ৰৌমাৰী খুটি, ওপৰ গৰুমৰা, ৰঙাগডা গাঁও, গুৱালজান, গুৱালগাঁও আদিৰ জনসাধাৰণ ব্যাপক অসুবিধাৰ সন্মুখীন হোৱা বুলি জনাইছে ৷
অঞ্চলটোত খাদ্যসামগ্রী যোগানৰ নামত ঠায়ে ঠায়ে সৰু সৰু দুই–এখন গেলামালৰ দোকান আছে যদিও ইয়াৰ অধিকাংশই তলা বন্ধৰ পূর্বে অনুজ্ঞা পত্র ল’বলৈ সমক্ষ নোহোৱাত বন্ধ হৈ পৰে ৷ যি দুই–এখনে বিভাগীয় অনুমতি লাভ কৰি সামান্য সামগ্রী নগৰৰ পৰা আনিছে ৷ তেওঁলোকে অত্যধিক দাম ল’বলৈ আৰম্ভ কৰাত সর্বসাধাৰণ লোকে শাৰী পাতিও মূৰকত উভতি আহিব লগীয়াত পৰাৰ অভিযোগ উঠিছে ৷ ৰাইজে জনোৱা মতে উল্লেখিত অঞ্চলসমূহৰ নবৈ শতাংশ লোকেই বঞ্চিত ৷ ৪১ নং মধ্য পর্বতীয়া গাঁও পঞ্চায়তৰ ভুক্তভোগীসকলে অত্যন্ত ক্ষোভেৰে কয় যে চৰকাৰীভাৱে তলাবন্ধ সফল কৰিবলৈ পুৱা–গধূলি অঞ্চলটোৰ পথেৰে আৰক্ষীৰ লোক অহা –যোৱা কৰিছে ঠিকেই, কিন্তু অন্য কোনো দিশলৈ চকু দিয়া নাই প্রশাসনে ৷ আনহাতে ৰাজ্য চৰকাৰে কর্মচাৰীসকলৰ প্রত্যেককেই দৰিদ্রসকলক সহায়ৰ হাত আগবঢ়াবলৈ যি আহ্বান দিছিল সেয়া সম্ভৱ হোৱা হ’লেও কিছু লোকে সকাহ পালেহেঁতেন ৷ কিন্তু অঞ্চলটোৰ গৰিষ্ঠসংখ্যকেই সেই নির্দেশ পালন নকৰা বুলিও অভিযোগ কৰিছে দৰিদ্র ৰাইজে ৷ জনসাধাৰণৰ এনে দুৰৱস্থাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি ১৫ এপ্রিলত জিলাখনৰ ওপৰেদি পাৰ হৈ যোৱা বিধ্বংসী ধুমুহাজাকে সেই অঞ্চলৰ বহুতৰেই ঘৰ তচনচ কৰি থৈ যোৱাত এতিয়া অৱস্থা পানীত হাঁহ নচৰা ৷ এই সন্দর্ভত যোৰহাট জিলা প্রশাসনে শীঘ্রেই বিহিত ব্যৱস্থা গ্রহণ কৰি গৰুমৰাৰ সাধাৰণ জনতাৰ জীৱন সুচল কৰাৰ ব্যতিৰেকে ৰাইজ যে বিষম পৰিস্থিতিৰ সন্মুখীন হ’ব, সেয়া নিশ্চিত ৷