নিয়মীয়া বার্তা, ১৮ এপ্রিলঃ লকডাউনৰ পৰিপ্রেক্ষিতত প্রশাসনে নির্ধাৰণ কৰি দিয়া বিধি ব্যৱস্থাৱলী মানি নচলাৰ পৰিণতিত ডিব্রুগড জিলা প্রশাসনৰ নির্দেশমর্মে শুকুৰবাৰৰ পৰা কার্যকৰী হোৱাকৈ নাহৰকটীয়াৰ ‘পুৰুষোত্তম চাহ বাগিচাখন’ বন্ধ কৰি দিয়া হয় ৷ বাগিচাখনৰ স্বত্বাধিকাৰ নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱালৰ পুত্র বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে জিলা প্রশাসনে চাহ বাগিচাসমূহৰ কাম আৰম্ভ কৰিবলৈ নির্দেশ দিয়াৰ লগতে ক’ৰোনা মহামাৰীৰ পৰা বাচি থকাৰ উদ্দেশ্যে কেতবোৰ নীতি–নিয়ম জাৰি কৰিছিল৷ কিন্তু ৰাজা টী ইণ্ডাষ্ট্রিৰ নামত থকা বাগিচাখনত তেনে নির্দেশাৱলী মানি চলা হোৱা নাছিল ৷ মালিকপক্ষই বাগিচাৰ শ্রমিকসকলক পাত তোলাৰ সময়ত প্রয়োজনীয় মাস্কৰ যোগান ধৰাটো বাদেই কেঁচাপাত ফেক্টৰীলৈ কঢ়িয়াই নিয়াৰ পৰতো বিধি উলংঘন কৰিছিল৷ এই সম্পর্কে তথ্যভিত্তিক প্রমাণ পোৱাৰ পিছত জিলা প্রশাসনে আজি পুৱাই বাগিচাখন বন্ধ কৰি দিয়ে ৷
Prev Post