নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পহিলা এপ্রিলৰ পৰা ৰাজ্যত নতুন নিৰিখত বিদ্যুৎ মাচুল

বিদ্যুৎ নিয়ামক আয়োগৰ অনুমোদন

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ অসম বিদ্যুৎ নিয়ামক আয়োগে এক নির্দেশ যোগে ২০২০–২১ বিত্তীয় বর্ষৰ বাবে প্রতি ইউনিটত বিদ্যুৎ মাচুল ১৫ পইচাৰ পৰা ৪০ পইচালৈ হ্রাস কৰিছে৷ ইয়াৰ ফলত বর্তমান নিৰিখতকৈ প্রতি ইউনিটত বিদ্যুৎ মাচুল ২ শতাংশকৈ হ্রাস পাব৷ চলিত বর্ষৰ এক এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ এই নতুন নিৰিখ কার্যকৰী কৰা হ’ব৷ লক্ষণীয় দিশটো হ’ল যে বিদ্যুতৰ প্রতি ইউনিটৰ মাচুল হ্রাস কৰাৰ বিপৰীতে কিন্তু উপভোক্তা ৰাইজে ভৰিব লাগিব বিদ্যুৎ ব্যৱহাৰৰ বাবদ বর্ধিত হাৰত ফিক্স চার্জ ৷ অসম বিদ্যুৎ নিয়ামক আয়োগে এপিডিচিএল, এইজিচিএল আৰু এপিজিচিএলৰ বাবে এই বিদ্যুৎ মাচুল নির্ধাৰণ কৰিছে৷ সেই অনুসৰি জীৱনধাৰা বিদ্যুৎ যোগান আঁচনিৰ অধীনত সকলো সংযোগতে ফিক্স চার্জ ২০ টকাকৈ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ বিপৰীতে প্রতি ইউনিট বিদ্যুতৰ মূল্য পূর্বৰ ৪.৫৫ টকাৰ পৰা ৪.২৫ টকালৈ অর্থাৎ ৩০ পইচা হ্রাস কৰা হ’ব৷ ইফালে ঘৰুৱা বিদ্যুৎ সংযোগৰ ক্ষেত্রত ৫ কিলোৱাটপর্যন্ত ১২০ ইউনিটপর্যন্ত ফিক্স চার্জ প্রতি কিলোৱাটত পূর্বৰ ৪০ টকাৰ পৰা ৫০ টকালৈ বৃদ্ধি কৰা হৈছে৷ অর্থাৎ এতিয়াৰে পৰা প্রতি কিলোৱাটৰ বিপৰীতে ফিক্স চার্জ ১০ টকাকৈ বর্ধিত হাৰত ভৰিব লাগিব৷ অৱশ্যে ঘৰুৱা ব্যৱহাৰৰ ক্ষেত্রত ১২০ ইউনিটপর্যন্ত প্রতি ইউনিট বিদ্যুতৰ মূল্য ৩০ পইচাকৈ হ্রাস কৰা হৈছে৷ পূর্বে প্রতি ইউনিটৰ বাবদ ৫.৪০ টকাকৈ আদায় দিয়াৰ বিপৰীতে এই হাৰ ৫.১০ টকালৈ হ্রাস কৰা হৈছে৷ ইফালে ঘৰুৱা সংযোগ ‘বি’ৰ ক্ষেত্রত ১২১ ইউনিটৰ পৰা ২৪০ ইউনিটলৈকে ব্যৱহাৰৰ ক্ষেত্রত ফিক্স চার্জ ১০ টকাকৈ বৃদ্ধি কৰা হৈছে৷

                    একেদৰে প্রতি ইউনিটৰ বাবদ মাচুল বর্তমানৰ ৬.৬৫ টকাৰ পৰা ৬.৩৫ টকালৈ হ্রাস কৰা হৈছে৷ বাণিজ্যিক ব্যৱহাৰৰ ক্ষেত্রত বিদ্যুৎ মাচুল ৫ কিলোৱাটৰ পৰা ২৫ কিলোৱাটপর্যন্ত ফিক্স চার্জ ১২০ টকাৰ পৰা ১০ টকা বৃদ্ধি কৰি ১৩০ টকা নির্ধাৰণ কৰা হৈছে৷ এইক্ষেত্রত প্রতি ইউনিটত বিদ্যুৎ মাচুল ৭.৬০ টকাৰ পৰা ৭.৪০ টকালৈ হ্রাস কৰা হৈছে৷ অর্থাৎ ২০ পইচাকৈ বিদ্যুৎ মাচুল হ্রাস কৰা হৈছে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে ২০২০–২০২১ বিত্তীয় বর্ষৰ বাবে অসম বিদ্যুৎ বিতৰণ কোম্পানী (এপিডিচিএল)ক বিদ্যুৎ ক্রয়ৰ বাবে ৪০০ কোটি টকাৰ ৰাজসাহায্য দিয়াৰ বাবে আয়োগে মাচুল হ্রাস কৰাৰ নির্দেশ দিছিল৷ বিদ্যুৎ মাচুল বৃদ্ধি সন্দর্ভত আয়োগে অলপতে গ্রহণ কৰা ৰাজহুৱা শুনানিৰ পিছত এপিডিচিএলক এই নির্দেশ দিয়ে৷ জানিব পৰা মতে, ফিক্স চার্জ বৃদ্ধিৰে এপিডিচিএলে এনার্জী চার্জৰ ক্ষেত্রত সন্মুখীন হোৱা লোকচানৰ জোৰা মাৰিব৷

You might also like