পাঠ্যক্রমত অসমীয়া অন্তর্ভুক্ত নকৰে কেন্দ্রীয় বিদ্যালয়ে
অভিভাৱক সন্থাৰ দাবীক গুৰুত্ব নিদিলে কর্তৃপক্ষই
নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃঅসমৰ সকলো কেন্দ্রীয় বিদ্যালয়ত অসমীয়া বিষয় পাঠ্যক্রমত অন্তর্ভুক্ত কৰিবলৈ দাবী জনাই অহাৰ পাছতো বিদ্যালয় কর্তৃপক্ষই বিষয়টো সম্পূর্ণৰূপে অৱহেলা কৰা বুলি অভিযোগ কৰিছে কেন্দ্রীয় বিদ্যালয় অভিভাৱক সন্থাই৷ দেওবাৰে গুৱাহাটীত এখন সংবাদ মেলত সন্থাৰ সভাপতি বেদব্রত বৰাই কয়– ‘আমি কেন্দ্রীয় বিদ্যালয় অভিভাৱক সন্থাৰ তৰফৰ পৰা অসমীয়া বিষয়টো প্রাথমিক পর্যায়ৰ পৰা উচ্চতৰ শাখালৈ অন্তর্ভুক্ত কৰিবলৈ কেন্দ্রীয় বিদ্যালয়ৰ সংশ্লিষ্ট কর্তৃপক্ষক দাবী জনাইছোঁ৷ অসম চুক্তিৰ ৬নং দফা কার্যকৰী কৰাৰ বাবে গঠন কৰা উচ্চ পর্যায়ৰ সমিতি, সদৌ অসম ছাত্র সন্থা আৰু অসম সাহিত্য সভাকো এই বিষয়টো কার্যকৰী কৰাৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰিবলৈ আবেদন জনাইছোঁ৷ কিন্তু পৰিতাপৰ বিষয় যে কেন্দ্রীয় বিদ্যালয়সমূহত এতিয়ালৈকে অসমীয়া বিষয়টো গুৰুত্বসহকাৰে লৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা নাই৷’ সভাপতি বৰাই লগতে কয়– এই উদ্বেগজনক বিষয়টো সন্দর্ভত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক অৱগত কৰি স্মাৰক–পত্র প্রদান কৰাত মুখ্যমন্ত্রীয়ে কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রীলৈ এখন পত্র প্রেৰণ কৰিছে৷ কিন্তু বর্তমানলৈকে অসমৰ সকলো কেন্দ্রীয় বিদ্যালয়ত অসমীয়া বিষয়টো প্রাথমিক পর্যায়ৰ পৰা অন্তর্ভুক্ত কৰা নাই৷ সংবাদ মেলত বেদব্রত বৰাই লগতে কয়– অসমৰ জলবায়ুৰ লগত সামঞ্জস্য ৰাখি গ্রীষ্ম বন্ধ অসমৰ অন্যান্য বিদ্যালয়সমূহৰ লগত জুন–জুলাই মাহত ঘোষণা কৰিবলৈও সন্থাই দীর্ঘদিন ধৰি দাবী জনাই আহিছে৷ এই সন্দর্ভত কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রীৰ লগতে সংশ্লিষ্ট কর্তৃপক্ষক সন্থাৰ ন্যায্য দাবী কার্যকৰী কৰিবৰ বাবে স্মাৰক–পত্র প্রদান কৰা হৈছে৷ কেন্দ্রীয় মানৱ সম্পদ মন্ত্রালয়ে গ্রীষ্মকালীন বন্ধ ২০ জুনৰ পৰা ৩১ জুলাইলৈ কৰাৰ এক প্রস্তাৱ দাখিল কৰিছে যদিও বিষয়টো এতিয়াও চূড়ান্ত হোৱা নাই৷ ‘আমি জানিবলৈ পোৱা মতে কেন্দ্রীয় বিদ্যালয়ৰ সংগঠনৰ আঞ্চলিক কার্যালয়ে গুৱাহাটী আঞ্চলিক বিদ্যালয়সমূহৰ অধ্যক্ষৰ পৰা মতামত বিচাৰিছে৷ অৱশ্যে বিষয়টো চূড়ান্ত হোৱাৰ পূর্বে পূর্বৰ সময়সূচী অনুসৰি মে’ মাহৰ পৰাই গ্রীষ্মকালীন বন্ধৰ জাননী পুনৰ জাৰি কৰিছে৷ আমি কেন্দ্রীয় বিদ্যালয় অভিভাৱক সন্থাই এই বিষয়টোক পুনৰ বিবেচনা কৰিবৰ বাবে যোৱা ১৪ ফেব্রুৱাৰীত এখন স্মাৰক–পত্র কেন্দ্রীয় মানৱ সম্পদ মন্ত্রালয়ক দাখিল কৰিছোঁ৷’ –এইদৰে কয় বেদব্রত বৰাই৷ সংবাদ মেলত সন্থাৰ সাধাৰণ সম্পাদক ৰমেন দাসে সন্থাৰ এই দুয়োটা দাবী শীঘ্রে কার্যকৰী কৰিবলৈ দাবী জনায়৷ আনহাতে, অসমৰ সকলো কেন্দ্রীয় বিদ্যালয়ৰ অভিভাৱকক একত্রিত কৰিবলৈ সন্থাই প্রচেষ্টা অব্যাহত ৰখা বুলি উল্লেখ কৰি এইক্ষেত্রত এক জনমত গঢ়ি তুলিবৰ বাবে সকলোকে আহ্বান জনায় ৰমেন দাসে৷