নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল ‘ভিলেজ ৰকষ্টাৰ্ছ’

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ ৰাজ্যবাসীলৈ এক সুখবৰ। সপ্তম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল ৰীমা দাসৰ অস্কাৰ মনোনীত ছবি ভিলেজ ৰকষ্টাৰ্ছৰ কথা। এতিয়াৰ পৰা অসমৰ শিক্ষাৰ্থীয়ে সপ্তম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পাঠ্যক্ৰমত পঢ়িবলৈ পাব ভিলেজ ৰকষ্টাৰ্ছৰ বিষয়ে। ৰাজ্য চৰকাৰৰ এই পদক্ষেপত ধন্যবাদ জ্ঞাপন কৰিছে ৰীমা দাসৰ মাতৃয়ে। 

       এখন গীটাৰ, আৰু এই গীটাৰখনৰে ৰকষ্টাৰ্ছ হোৱাৰ সপোন দেখা ধুনু অৰ্থাৎ অন্যতম অভিনেত্ৰী ভনিতা দাসে কয় যে শিক্ষা সংসদৰ এই সিদ্ধান্তত যথেষ্ঠ আনন্দিত হৈছো, চিনেমাখনক লৈ ৰাজ্য চৰকাৰে এনে পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।

You might also like