নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পান আমেৰিকান মাষ্টার্ছ গেমছ ২০২০ লৈ নির্বাচিত হাঁহচৰাৰ মণিকা গগৈ

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ যোৰহাট জিলাৰ জাঁজী হাঁহচৰাৰ এগৰাকী মহিলা৷ এটি ১৪ বছৰীয়া পুত্র সন্তানৰ মাতৃ এইগৰাকী মহিলাই আন দহগৰাকী মহিলাৰ দৰে নিজকে ঘৰৰ চাৰি বেৰৰ মাজত আবদ্ধ কৰি নাৰাখি দৰিদ্রতাৰ লগত যুঁজিও এগৰাকী দৌৰবিদ হিচাপে প্রতিষ্ঠা কৰাই নহয়, আন্তঃৰাষ্ট্রীয় পর্যায়ৰ প্রতিযোগিতাত অংশগ্রহণৰ বাবে নিজকে যোগ্য কৰি তুলিছে৷ জাঁজী হাঁহচৰা কোঁৱৰ গাঁৱৰ মণিকা গগৈ নামৰ ৩৫ বছৰীয়া এইগৰাকী মহিলাই নিজৰ একাগ্রতা আৰু অধ্যৱসায়ৰ দ্বাৰা আন্তঃৰাষ্ট্রীয় ক্ষেত্রত নিজকে প্রতিষ্ঠা কৰাৰ এক সুযোগ লাভ কৰিছে৷ মণিকা গগৈয়ে অলপতে গুজৰাটত অনুষ্ঠিত ৰাষ্ট্রীয় মাষ্টার্ছ গেমছৰ ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ দৌৰত তৃতীয় স্থান লাভ কৰি ব্রাজিলৰ ৰি’ ডি জেনেৰি’ত অনুষ্ঠিত হ’ব লগা পান আমেৰিকান মাষ্টাৰ গেমছত অংশগ্রহণৰ বাবে নির্বাচিত হৈছে৷ অহা ৪ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্ঢেম্বৰলৈ অনুষ্ঠিত হ’ব লগা উক্ত প্রতিযোগিতাত মণিকা গগৈয়ে ভাৰতক প্রতিনিধিত্ব কৰি ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ দৌৰত ভাগ ল’ব৷

উল্লেখযোগ্য যে মণিকা গগৈয়ে মাষ্টার্ছ গেমছৰ যোৰহাট জিলাৰ টীয়কত অনুষ্ঠিত হোৱা আঞ্চলিক পর্যায়ৰ প্রতিযোগিতাৰ পৰা কার্বি আংলঙত অনুষ্ঠিত হোৱা ৰাজ্যিক ভিত্তিৰ প্রতিযোগিতাত স্থান লাভ কৰি আৰু গুজৰাটৰ ৰাষ্ট্রীয় পর্যায়ৰ মাষ্টার্ছ গেমছত সফলতা অর্জনেৰে ধাৰাবাহিক সফলতাৰ জয়যাত্রা অটুট ৰাখি আন্তঃৰাষ্ট্রীয় প্রতিযোগিতালৈ নির্বাচিত হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ কিন্তু ব্রাজিল যাত্রাৰ ক্ষেত্রত মণিকা গগৈৰ সন্মুখত এতিয়া হেঙাৰ হৈ থিয় দিছে আর্থিক সংকটে৷ মণিকাৰ স্বামী তিলক গগৈয়ে এখন নিজা টেম্পো চলাই পৰিয়াল পোহপাল দি আছে৷ বিদেশ যাত্রাৰ ক্ষেত্রত প্রশাসন তথা চৰকাৰৰ আর্থিক সহায় বিচাৰিছে দৌৰবিদগৰাকীয়ে৷

You might also like