নিয়মীয়া বার্তা, ২ মার্চঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত পূর্বৰে পৰা ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা আছিল যদিও ৰাজ্যখনৰ অন্যতম বাণিজ্যিক কেন্দ্র ডিমাপুৰ ইনাৰ লাইন পার্মিটৰ আওতাৰ বাহিৰত আছিল ৷ সম্প্রতি ডিমাপুৰ চহৰতো এই আইন প্রযোজ্য হোৱাৰ লগে লগে জনসাধাৰণৰ মাজত বিৰূপ প্রতিক্রিয়া সৃষ্টি হৈছে ৷ শংকিত হৈ পৰিছে ডিমাপুৰ তথা অসমৰ ভৈয়ামৰ লোক ৷ বাণিজ্যিক নগৰখনৰ ব্যৱসায়িক প্রতিষ্ঠানৰ অধিকসংখ্যকেই নাগালেণ্ডৰ বাহিৰৰ হোৱাৰ লগতে অসমৰ সীমান্তৱর্তী অঞ্চলৰ পৰা নগৰখনত কাম কৰিবলৈ কেইবাশ লোক প্রতিদিনে চহৰখনলৈ আহ–যাহ কৰে ৷ কিন্তু ইনাৰ লাইন পার্মিট ডিমাপুৰত বলৱৎ হোৱাৰ লগে লগেই দেওবাৰে অসমৰ পৰা সীমান্তৰ লাহৰীজানৰ নাগালেণ্ড গেটেৰে ডিমাপুৰত প্রৱেশ কৰিবলৈ লওঁতেই নগা আৰক্ষীয়ে প্রায় ১৫জন লোকক ইনাৰ লাইন পার্মিট নথকা বাবে আটক কৰে আৰু জৰিমনা বিহে ৷ কিন্তু জৰিমনা বিহাৰ পাছতো বহু সময়লৈকে লোককেইজনক আৰক্ষীয়ে এৰি নিদিয়াত ক্ষুব্ধ হৈ পৰে অসমৰ দিশে থকা সাধাৰণ ৰাইজ ৷ লোককেইজনৰ মুক্তিৰ দাবীত ৰাইজে নাগালেণ্ডৰ সমীপৰ লাহৰীজানৰ ৩৯নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে ডিমাপুৰৰ পৰা অহা সকলো যান–বাহনৰ চলাচল বন্ধ কৰি দিয়াত দুয়োখন ৰাজ্যৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷ আনকি প্রতিবাদকাৰীৰ সংখ্যা ক্রমান্বয়ে কেইবাশলৈ বৃদ্ধি পোৱাৰ ফলত ঘটনাস্থলীত উপস্থিত হোৱা অসম আৰক্ষীয়ে নাগালেণ্ড আৰক্ষী প্রশাসনৰ লগত যোগাযোগ কৰি লোকসকলক মুকলি কৰি দিয়া হৈছে বুলি জানিবলৈ দিয়ে যদিও প্রতিবাদকাৰীসকল পতিয়ন নগ’ল৷ ৰাইজে উত্তপ্ত পৰিৱেশ সৃষ্টি কৰাত অৱশেষত আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয়৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষী সক্ষম হ’লেও সীমান্তৰ প্রৱেশ পথেৰে যাতায়াতৰ স্বাভাৱিক অৱস্থা এতিয়াও ঘূৰি অহা নাই ৷ আনহাতে, একাংশ লোকে প্রতিক্রিয়া প্রকাশ কৰি কয় যে গৃহমন্ত্রী অমিত শ্বাহে ডিমাপুৰক এৰিহে নাগালেণ্ডত ইনাৰ লাইন পার্মিট প্রযোজ্য হ’ব বুলি ক’লেও নাগালেণ্ড চৰকাৰে ইয়াৰ বিপৰীত স্থিতিহে গ্রহণ কৰিছে ৷