নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাহৰণিৰ গৰ্ভত সন্দেহযুক্ত আলফাৰ গুলীত নিহত বিজেপি নেতা জয়ন্ত দত্তসহ পাঁচ গৰাকী!

 

  • সৰ্বানন্দ সোণোৱালক আৰক্ষীয়ে আঁতৰাই নিছিল গোপন পথৰে!
    ক্ষোভ-আক্ষেপ নিহত পৰিয়ালৰ!
  • ২৩ বছৰ! আজিৰ দিনটো অসমৰ ইতিহাসৰ বাবে এক ক’লা অধ্যায়!

নিয়মীয়া বাৰ্তা,১মেঃ তেতিয়া সন্ধ্যা প্ৰায় ৭:১৫ বাজিছিল আৰু সমগ্ৰ অঞ্চলটোত বিদ্যুৎ বিছিন্ন হৈ অন্ধকাৰত বুৰ গৈছিল।হঠাৎ তেতিয়াই নিশাৰ নিস্তব্ধতা কঁপাই
গৰজি উঠিছিল অত্যাধুনিক স্বয়ংক্ৰিয় মৰানাস্ত্ৰ আৰু সেই নিশাই পাঁচ গৰাকীকৈ ব্যক্তিয়ে চিৰদিনলৈ মেলানি মাগিছিল…।
২০০১ চনৰ ১ মে’ অসমৰ ইতিহাসত এক ক’লা অধ্যায়।কেবল ডিব্ৰুগড়বাসীৰ বাবেই নহয়, সমগ্ৰ অসমবাসীৰ বাবে এক কাল সন্ধ্যা। কেবল দহ মিনিটৰ ভিতৰত ৰাজনীতিবিদ, আৰক্ষীকে আদি কৰি পাঁচজন নিৰীহ লোকক হত্যা কৰা হৈছিল সেই দিনটোত।সেই সময়ত ডিব্ৰুগড়ৰ লগতে সমগ্ৰ ৰাজ্যত চলিছিল বিধানসভা নিৰ্বাচনৰ গৰম বতাহ।সকলো ৰাজনৈতিক দল ব্যস্ত আছিল ব্যাপক নির্বাচনী প্ৰচাৰত।নিৰ্বাচনী প্ৰচাৰ আছিল তুংগত। ডিব্ৰুগড়ত বিজেপি-অগপ মিত্ৰজোঁটৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰিছিল ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি তথা বলিষ্ঠ, প্রভাবশালী নেতা প্রয়াত জয়ন্ত দত্তই।প্রয়াত দত্তৰ বিপৰীতে কংগ্ৰেছৰ প্রার্থী আছিল প্রয়াত ডাঃ কল্যাণ কুমাৰ গগৈ।ইফালে, মৰাণ সমষ্টিত অগপৰ প্রার্থী আছিল বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰতিদ্বন্দী আছিল কংগ্ৰেছৰ প্রার্থী জীৱনতাৰা ঘাটোৱাৰ।১৯৯৮ চনৰ পৰা ২০০০ চনলৈ সমগ্ৰ ৰাজ্যখনত চলা গুপ্তহত্যাৰ পোতক তুলিবলৈ আলফাই লক্ষ্য কৰি লৈছিল সেই সময়ৰ শাসকীয় দল অগপক।সেই অনুসৰি ২০০১ চনৰ আন্তঃৰাষ্ট্রীয় শ্রমিক দিৱসৰ আজিৰ দিনটোতেই ডিব্ৰুগড় চহৰত পাঁচগৰাকী লোকৰ ওপৰত হত্যালীলা চলাই তেজেৰে ৰাঙলী কৰি তুলিছিল ডিব্ৰুগড়।
এই ২৩ বছৰৰ আগৰ আজিৰ দিনটো অসমৰ ইতিহাসৰ বাবে এক ক’লা অধ্যায়।ফুত গধূলিতে ডিব্ৰুগড়ৰ চহৰৰ মাজমজীয়াত গুলী কৰি নিৰ্মম ভাৱে হত্যা কৰা হৈছিল ৫ জনকৈ লোকক।গুলিবিদ্ধ হৈছিল আন কেইবাজনো।
সময় তেতিয়া সন্ধ্যা প্ৰায় ৭:১৫ বাজিছিল। ডিব্ৰুগড় চহৰৰ মুখ্য বজাৰৰ সোণাৰী পট্টীত তেতিয়া বিজেপিৰ কাৰ্যালয় আছিল।চহৰৰ উত্তৰ আমোলাপট্টিৰ জৰ্জ স্কুলৰ সমিপত নিৰ্বাচনী প্ৰচাৰ চলাই সোণাৰী পট্টীৰ কাৰ্যালয়ৰ সন্মূখতে বাহনৰ পৰা নামিছিল বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা জিলা বিজেপিৰ সভাপতি জয়ন্ত দত্ত সহ প্ৰশান্ত গগৈ।হঠাৎ বিদ্যুৎ বিচ্ছিন্ন হৈছিল অঞ্চলটোত;অন্ধকাৰ ছন্ন হৈ পৰিছিল চহৰৰ বজাৰ অঞ্চল।তেনে সময়তে অচিনাক্ত দুৰ্বিত্তই নিচেই কাষৰ পৰা জাউৰীয়ে জাউৰীয়ে এ কে ৪৭ ৰাইফলেৰে জয়ন্ত দত্ত সহ তেওঁৰ লগত থকা বিজেপি কৰ্মী তথা ডিব্ৰুগড় বৰপথাৰ নগাঁওৰ গংগাধৰ গগৈ(৯৭)ৰ পুত্র প্ৰশান্ত গগৈ আৰু বিজেপিৰ কাৰ্যালয় পৰিচালক বীৰেণ ফুকনক গুলীৰে থকাসৰকা কৰি পেলাইছিল। তেজেৰে লুতুৰি পুতুৰি জয়ন্ত দত্ত,প্ৰশান্ত গগৈ আৰু বীৰেণ ফুকন ঘটনা স্থলীতে নিহত হয়।ইফালে মাত্র কেই মূহুর্ত মানৰ পাছতেই দ্বিতীয়টো ঘটনা সংঘটিত হয়।ডিব্ৰুগড়ৰ চৌকিডীঙ্গিৰ অগপ কাৰ্যালয়ত অনুৰূপ ভাৱেই গুলীয়াই হত্যা কৰা হৈছিল যুৱ নেতা থানেশ্বৰ বুঢ়াগোহাঁই আৰু আৰক্ষী কনিষ্ঠবল নৰেন দিহিঙ্গীয়াক।সেই সময়ত জিলা অগপ কাৰ্যালয়ত আৰু বহু লোক আছিল যদিও ঘটনাৰ উমান পাই পিছফালে পলায়ন কৰি আত্মৰক্ষা কৰিবলৈ সক্ষম হয়।উক্ত সমগ্ৰ ঘটনাত মুঠ ৮ জন লোকৰ দেহত গুলি লাগিছিল।
সেই সময়ত ডিব্ৰুগড়ত আলফাৰ তৃতীয় টার্গেট আছিল বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱাল।উক্ত ঘটনাৰ সময়ত সোণোৱাল মৰাণত নির্বাচনী প্ৰচাৰত ব্যস্ত।ডিব্ৰুগড়ৰ এই ঘটনা সকলোতে বনজুইৰ দৰে বিয়পি পৰাৰ পিছত আৰক্ষীৰ এটা দলে সর্বানন্দ সোণোৱালক খোৱাঙৰ জোনমিৰি গাঁৱৰ পৰা এক ভিতৰুৱা পথেৰে নিতাইপুখুৰীৰ দিশে আঁতৰাই লৈ গৈছিল।কাৰণ সৰ্বানন্দ সোণোৱালক হত্যা কৰিবলৈ আলফাৰ এক বৃহৎ দলে বাহৰ পতা বুলি সেই সময়ত অসম আৰক্ষীৰ হাতত এক গোপন খবৰ আহিছিল।
সময় ধুমুহাৰ গতিত বাগৰিল! পাহৰণিৰ গৰ্ভত এতিয়া ২০০১ চনৰ সেই তেজৰ ফাকুৰে খেলা কাল নিশাটো।বিগত ২৩ বছৰত বহু বস্তুৱে সলনি হ’ল।বিজেপিৰ ডিব্ৰুগড়ত উত্থানো সেই ঘটনাৰ পাছৰ পৰাই আৰম্ভ হ’ল।প্ৰশান্ত ফুকনে ২০০৬ চনৰ পৰা আৰম্ভ কৰিলে বিজেপিৰ জয় যাত্রা।বহু নতুন মুখ এতিয়া বিজেপিত।ন-ন বিজেপিৰেই ভৰিল বিজেপি।কিন্তু হেৰাই গ’ল জয়ন্ত দত্তৰ লগত গুলী খাই বিজেপিৰ বাবে জীৱন আহুতি দিয়া ডিব্ৰুগড়ৰ বৰপথাৰৰ প্ৰশান্ত গগৈৰ ত্যাগ।
আজি ২৩ টা বছৰত প্ৰশান্ত গগৈৰ ৯৭ বছৰীয়া পিতৃয়ে আশা পালি থাকিল প্ৰশান্তৰ ঘৰখনলৈ বিধায়ক আহি এখোজ দিবহি বুলি।কিন্তু নাহিল।এসময়ত বৃহত্তৰ বৰপথাৰ কংগ্রেছৰ অভেদ্য দুৰ্গ আছিল যদিও এই প্ৰশান্ত গগৈৰ নেতৃত্বতে কংগ্রেছৰ ভোটবেংক ভাঙি বিজেপিৰ দূৰ্গ ৰূপে গঢ় দিছিল।আজি প্ৰশান্ত ফুকন সেইফালেদিয়েই পাৰ হৈ যায়।কিন্তু প্ৰশান্ত গগৈৰ ঘৰত বা কি হৈছে এবাৰ সুধিবলৈ আহৰি নাপাই বুলি অত্যন্ত দুখ আৰু আক্ষেপৰে কয় প্ৰয়াত বিজেপি কৰ্মী তথা প্ৰশান্তৰ ভাতৃ মানৱ গগৈয়ে।আজিৰ দিনটোত নিজ জ্যেষ্ঠ ভাতৃৰ কৰুণ মৃত্যু, বিজেপিৰ বাবে কৰা ত্যাগ পুনৰ এবাৰ সুঁৱৰি বিজেপি কৰ্মী মানৱ গগৈয়ে কৈ গ’ল বিজেপিৰ জেষ্ঠ্য নেতৃত্ব, বিশেষকৈ বিধায়ক প্ৰশান্ত ফুকনৰ দৃষ্টিত চিৰ অৱহেলিত হৈ ৰ’ল তেওঁৰ ভাতৃ প্ৰশান্ত গগৈ।বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰত কোনো আক্ষেপ নথকাৰ কথা ব্যক্ত কৰি কৈ গল ক্ষোভ,আক্ষেপ আৰু দুখৰ কথাবোৰ।কিছু নেতৃত্বলৈ আক্ষেপ থকাৰ বিষয়ে সদৰী কৰি,আমৃত্যু বিজেপি কৰি যাব বুলিও দৃঢ়তাৰে মানৱ গগৈয়ে উল্লেখ কৰে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like