নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিঁয়াজৰ মালা পিন্ধি সদনত প্ৰতিবাদ বিৰোধীৰ

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ অসম বিধানসভাৰ শীতকালিন অধিৱেশনৰ প্ৰথম দিনাই সদন উত্তাল হৈ পৰাৰ পিছত দ্বিতীয় দিনাও অব্যাহত থাকিল বিৰোধীৰ প্ৰতিবাদ । দ্বিতীয় দিনা পিঁয়াজৰ অত্যাধিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে কংগ্ৰেছে ।

ইতিমধ্যে ৰাজ্যৰ বজাৰত পিঁয়াজৰ মূল্য বৃদ্ধি পাই চেঞ্চুৰী কোবোৱাৰ প্ৰতিবাদত শুকুৰবাৰে পিঁয়াজৰ মালা পিন্ধি সদনত প্ৰৱেশ কৰে কংগ্ৰেছী বিধায়কে । অৱশ্যে চৰকাৰৰ খাদ্য আৰু যোগান বিভাগে পিয়াঁজৰ এনে মূল্যবৃদ্ধি কেনেদৰে নিয়ন্ত্ৰণ কৰে সেয়াহে অনাগত দিনত লক্ষণীয় হ’ব ৷

You might also like