নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনেত ক’ৰোনা ৱাৰ্ডত মৃত্যু অসমৰ ব্যক্তিৰঃ ক’ভিড -১৯ ৰ সন্দেহ

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ মহাৰাষ্ট্ৰৰ পুনেত ৰহস্যজনকভাৱে এখন চৰকাৰী হাস্পতালৰ ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ বাবে থকা আছুতীয়া ৱাৰ্ডত মৃত্যুমুখত পৰিছে গুৱাহাটীৰ এজন ব্যক্তি । অৱশ্যে তেওঁ ক’ভিড-১৯ ভাইৰাছত আক্ৰান্ত হয় নে নহয় সেয়া নিশ্চিত হোৱা নাই । আজি মত ব্যক্তিগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে তেওঁৰ কিদৰে মৃত্যু ঘটিল সেয়া স্পষ্ট হ’ব । জানিব পৰা মতে , গুৱাহাটীৰ গীতানগৰৰ বাসিন্দা জনৈক বাৰ্মাজ(৪২) নামৰ ব্যক্তিগৰাকী যোৱা ২২ মাৰ্চত দিল্লীৰ পৰা পুনেলৈ গৈছিল । শিক্ষা জীৱনত পুনেত অধ্যয়ন কৰা ব্যক্তিগৰাকীয়ে তেওঁ পঢ়া কলেজখন চাবৰ বাবেই পুনেলৈ যোৱা বুলি প্ৰকাশ । কিন্তু দুৰ্ভাগ্যজনকভাৱে ক’ৰোনা ভাইৰাছৰ বাবে দেশজুৰি লকডাউন ঘোষণা হোৱাত তেওঁ পুনেৰ নিৰ্বাণ নামৰ হোটেলখনতে আবদ্ধ হৈ ৰয় ।

যকৃতৰ ৰোগত আক্ৰান্তড ব্যক্তিগৰাকীৰ খোৱাৰ ক্ষেত্ৰত অনিয়ম হোৱা বাবে বুধবাৰে তেওঁ বমি কৰি সংজ্ঞাহীন হয় । লগে লগে হোটেলখনৰ কৰ্মচাৰীয়ে তেওঁক জুপিটাৰ নাম ব্যক্তিগত হাস্পতাল এখনলৈ নিয়ে যদিও ক’ভিড-১৯ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত হাস্পতালখনত তেওঁক ভৰ্তি কৰাবলৈ অপাৰগতা প্ৰকাশ কৰে । তেতিয়া তেওঁক চাছুল নামৰ চৰকাৰী হাস্পতালখনৰ ক’ভিড-১৯ আক্ৰান্তৰ বাবে আছুতীয়া ৱাৰ্ডত ভৰ্তি কৰোৱা হয় যদিও বুধবাৰে নিশা ডেৰবজাত তেওঁৰ মৃত্যু হয় । ইতিমধ্যে হাস্পতাল কৰ্তৃপক্ষই ৰোগীগৰাকীৰ ক’ভিড-১৯ আক্ৰান্ত আছিল নেকি আৰু কি অৱস্থাত মৃত্যমুখত পৰে তাৰ বাবে মৰণোত্তৰ পৰীক্ষালৈ মৃতদেহটো প্ৰেৰণ কৰিছে । আজি মৰণোত্তৰ পৰীক্ষাৰ ফলাফল অহাৰ পাচতহে স্পষ্ট হ’ব প্ৰকৃততে কিদৰে মৃত্যু ঘটে ব্যক্তিগৰাকীৰ ।

You might also like