পুৰাতত্ত্ব মডেলত শিৱসাগৰে স্থান লাভ কৰাত প্রধানমন্ত্রী–বিত্তমন্ত্ৰীক কৃতজ্ঞতা সাংসদ তপন গগৈৰ
নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় চৰকাৰৰ বিত্তমন্ত্রী নির্মলা সীতাৰমণে শনিবাৰে সংসদত দাখিল কৰা কেন্দ্রীয় বাজেটত ধার্য কৰা দেশৰ পাঁচটা ঐতিহাসিক স্থানৰ ভিতৰত শিৱসাগৰে স্থান লাভ কৰাত উৎফুল্ল হৈ পৰিছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ৷
সাংসদগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে যোৱা লোকসভা নির্বাচনৰ প্রাকক্ষণত ২০১৯ বর্ষৰ ২৩ মার্চত শিৱসাগৰত সাংবাদিকসকলৰ সৈতে হোৱা এক মত বিনিময় অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ পৰা নির্বাচিত হ’লে প্রথমেই শিৱসাগৰ জিলাক পর্যটনৰ ক্ষেত্রখনত জিলিকাই তোলাৰ বাবে প্রচেষ্টা লোৱাৰ কথা প্রকাশ কৰিছিলো৷ পৰৱর্তী সময়ত যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে সংসদলৈ নির্বাচিত কৰি পঠিওৱাৰ পাছত সংসদত অবিভক্ত শিৱসাগৰ জিলাখনক পর্যটনৰ ঐতিহাসিক ঠাই হিচাপে গঢ়ি তুলি দেশী–বিদেশী পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিছিলো৷ এইক্ষেত্রত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সহযোগিতা আগবঢ়াইছিল বুলি উল্লেখ কৰি কালি কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে দাখিল কৰা বাজেটত শিৱসাগৰ অন্তর্ভুক্ত হোৱাত সাংসদ গগৈয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদী, বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ লগতে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে৷
আগন্তুক দিনত অবিভক্ত শিৱসাগৰ জিলা বিশ্বৰ পর্যটন মানচিত্রত সোণালী আখৰেৰে জিলিকি থাকিব বুলি আশা কৰি সাংসদ গগৈয়ে শিৱসাগৰত কেন্দ্রীয় চৰকাৰৰ পুৰাতত্ত্ব মডেলৰ জৰিয়তে স্থাপন হ’ব লগা উন্নত মানৰ সংগ্রহালয়টোৱে নৱপ্রজন্মৰ বাবে গৱেষণাৰ বাট মুকলি কৰিব বুলি মন্তব্য কৰে৷