প্রদেশ কংগ্রেছৰ সভাপতিৰ চিকিৎসক পত্নীৰ নামত হাউছিঙৰ ঘৰ
১৩ সাংসদ–বিধায়ক–প্রাক্তন বিধায়কৰ নামত আছে গৃহ
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দায়িত্ব গ্রহণ কৰাৰ পৰাই নিকা প্রশাসন, দুর্নীতিমুক্ত অসমৰ বাবে জোৰদাৰ প্রচেষ্টা গ্রহণ কৰাৰ সময়তে অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদত পোহৰলৈ আহিছে দুর্নীতি, স্বজনতোষণ আৰু অনিয়মৰ বিস্ফোৰক তথ্য৷ গুৱাহাটীৰ ভূমিহীন–গৃহহীনসকলক সকাহ দিয়াৰ বাবে গ্রহণ কৰা অভিলাষী প্রকল্প ক্ষমতাশালী নেতাৰ লাহ–বিলাস আৰু আত্মীয়ক সংস্থাপনৰ প্রকল্পত পৰিণত হৈছে৷
অতি আশ্চর্যজনকভাৱে ‘কাকনো বুলিবা ককা, সকলোৰে দাঢ়ি–চুলি পকা’ নীতি এতিয়া প্রকাশ হৈছে গৃহ নির্মাণ পৰিষদৰ দুর্নীতিত৷ কাৰণ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ পৰা বিজেপি সাংসদ ভুবনেশ্বৰ কলিতালৈ, প্রাক্তন অগপ মন্ত্রী বৃন্দাবন গোস্বামীৰ পৰা জ্যেষ্ঠ সাংবাদিকলৈ সকলোৱে গৃহ নির্মাণ পৰিষদত নিয়ম ভংগৰ প্রতিযোগিতাত অৱতীর্ণ হৈছে৷ বিগত সময়ছোৱাত ইখনৰ পাছত সিখন সংবাদ মেল কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ আছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা৷ পিছে ভূপেন বৰাৰ পত্নী তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বায়োকেমেষ্ট্রী বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ মৌচুমী বৰগোহাঞি বৰাৰ নামত জিলিকি আছে গৃহ নির্মাণ পৰিষদৰ ঘৰ৷ অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ নিয়মাৱলীত স্পষ্টকৈ আছে গুৱাহাটীত ঘৰ–মাটি নথকা, মধ্য অথবা নিম্ন উপার্জনৰ লোকহে গৃহ নির্মাণ পৰিষদৰ গৃহ লাভ কৰাৰ যোগ্য৷
কিন্তু গুৱাহাটীৰ ঘোঁৰামাৰাত বিয়াগোম অট্টালিকা থকা তথা চিকিৎসক হিচাপে লাখ টকাৰ দৰমহা পোৱা ডাঃ মৌচুমী বৰগোহাঞি বৰাই নেতাৰ পত্নী হোৱা সূত্রেই বহু দৰিদ্র যোগ্যজনক বঞ্চিত কৰি ঘৰ পাবলৈ সক্ষম হ’ল৷ ভূপেন বৰাই বিহপুৰীয়াৰ বিধায়ক হোৱাৰ তিনি মাহ পূর্বে ২০০৬ চনৰ ৭ মার্চত পত্নীৰ নামত গৃহ নির্মাণ পৰিষদৰ ঘৰ আবণ্টন পাবলৈ সক্ষম হৈছিল৷ পৰিষদত আবেদন কৰি এটা ঘৰ লাভৰ বাবে শতাধিক লোকে বছৰৰ পাছত বছৰ ধৰি হামৰাও কাঢ়ি থকাৰ সময়তে দুর্নীতিবিৰোধী শ্লোগান দিয়া নেতাৰ এই স্বৰূপে সকলোকে হতচকিত কৰি তুলিছে৷ কাহিনী পিছে কংগ্রেছ নেতাতে শেষ হোৱা নাই৷ হেঙেৰাবাৰীত হাউছিঙৰ ঘৰৰ সৈতে খ্রীষ্টানবস্তিত নিজা ঘৰ, নতুন দিল্লীত সাংসদৰ কোৱার্টাৰ৷ মুঠ তিনিটাকৈ ঘৰৰ সৈতে আধুনিক বিলাসী সম্রাটৰ ৰূপত অৱতীর্ণ হৈছে বিজেপি সাংসদ ভুবনেশ্বৰ কলিতা৷ হাউছিঙৰ নিয়মাৱলীতRule F ত স্পষ্টকৈ উল্লেখ কৰা আছে– He shall not assign; Sub-let or otherwise transfer the possession of the premises or any part thereof. পিছে বিগত দুটা দশক ধৰি অবৈধভাৱে পৰিষদৰ ঘৰ দখল কৰি ৰখা ভুবনেশ্বৰ কলিতাই এবাৰো হেঙেৰাবাৰীৰ ঘৰত ভৰি দিয়া নাই৷ বিলাসী সাংসদৰPSO আশ্রয়গৃহত পৰিণত হৈছে বহু দৰিদ্রই হামৰাও কাঢ়ি থকা ঘৰ৷ সাধাৰণ লোকৰ ঘৰত উচ্ছেদ চলাৰ বিপৰীতে প্রদেশ কংগ্রেছৰ সভাপতিৰ পত্নী অথবা বিজেপি সাংসদৰ অবৈধ দখলত কিয় উচ্ছেদ নচলে তাক লৈ প্রশ্ন উত্থাপন হৈছে৷
ভুবনেশ্বৰ কলিতাই ঘৰ লোৱাৰ সময়ত কোনো শপতনামা নিদিয়াৰ লগতে সাংসদজনে দাখিল কৰা আয়ৰ প্রমাণ–পত্রও ৰহস্যজনকভাৱে অন্তর্ধান হৈছে৷ কেৱল কংগ্রেছ–বিজেপি নেতাই নহয়, ক্ষমতাৰ অপব্যৱহাৰেৰে গৃহ নির্মাণ পৰিষদৰ ঘৰ দখলত সমানেই আগবাঢ়ি আছে অগপ নেতাও৷ গুৱাহাটীৰ লাষ্টগেটৰ সমীপত ঘৰ, বিধায়ক আৱাসত কোৱার্টাৰ থকাৰ সময়তেই প্রাক্তন মন্ত্রী বৃন্দাবন গোস্বামীয়ে দখল কৰিছিল হাউছিঙৰ ঘৰ৷ ‘নিয়মীয়া বার্তা’ৰ বাতৰিৰ পাছতেই বিজেপি বিধায়ক ৰামকৃষ্ণ ঘোষে গৃহ নির্মাণ পৰিষদৰ ঘৰ ঘূৰাই দিবলৈ বাধ্য হৈছে৷ বর্তমান ১৩জন সাংসদ–বিধায়ক, প্রাক্তন বিধায়কৰ নামত আবণ্টন হৈ আছে গৃহ নির্মাণ পৰিষদৰ ঘৰ৷ একেদৰে সংবাদ সেৱাত জড়িত ৬২জনকৈ ব্যক্তিৰ নামত আবণ্টন হৈ আছে ঘৰ৷ ইয়াৰে বহুকেইজন যোগ্য যদিও আন বহুকেইজনে গুৱাহাটীত ঘৰ থকা সত্ত্বেও ভুল তথ্য দি গৃহ দখল কৰি আছে৷ যিমানেই ক্ষমতাশালী নহওক মুখ্যমন্ত্রীৰ দুর্নীতিবিৰোধী নীতিক সন্মান জনাই গুৱাহাটীত ঘৰ–মাটিৰে সমৃদ্ধ গৃহ নির্মাণ পৰিষদৰ গৃহৰ অবৈধ দখলকাৰীক উচ্ছেদ কৰাৰ দাবী সজোৰে উত্থাপন হৈছে৷