নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী আৱাস যোজনাত ভয়ংকৰ দুর্নীতিঃ কাগজ–কলমতহে সম্পূর্ণ গৃহ নির্মাণৰ কাম

নিয়মীয়া বার্তা, ৪ জানুৱাৰীঃ নগাঁও জিলা গ্রামোন্নয়ন বিভাগৰ অধীনস্থ ৰূপহীহাট উন্নয়ন খণ্ডৰ অন্তর্গত ১৪খন গাঁও পঞ্চায়তত প্রধানমন্ত্রীৰ আৱাস যোজনাৰ (পিএমএৱাই) গৃহ নির্মাণৰ নামত অবাধ দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অধিকাংশ গাঁও পঞ্চায়তৰ গাঁও পঞ্চায়ত সমন্বয়ক, চমুকৈ জিপিচিয়ে অবাধ হাৰত দুর্নীতি কৰি অহা সত্ত্বেও গ্রামোন্নয়ন বিভাগে কোনোধৰণৰ কঠোৰ পদক্ষেপ গ্রহণ নকৰা বুলি সৰৱ চর্চা চলিছে ৷ বিশেষকৈ বিডিঅ’ৰ নির্লিপ্ততাৰ বাবেই জিপিচিৰ দৌৰাত্ম্য বৃদ্ধি পাইছে আৰু দৰিদ্র হিতাধিকাৰীসকলে হাহাকাৰ কৰি ফুৰিছে ৷ আনকি জিপিচিসকলে বিভাগীয় নির্দেশনা মতে গৃহ নির্মাণ সম্পূর্ণ নোহোৱা সত্ত্বেও কাগজে–কলমে গৃহ নির্মাণৰ কাম সম্পূর্ণ কৰা দেখুওৱাৰ গুৰুতৰ অভিযোগ উঠিছে ৷

প্রাপ্ত তথ্য মতে, ২০১৬–১৭ বর্ষত উন্নয়ন খণ্ডটোৰ ১২০৭জন, ২০১৭–১৮ বর্ষত ২৬২জন আৰু ২০১৯–২০ বর্ষত ৬৭৯জন পিএমএৱাই হিতাধীকাৰীৰ গৃহ আবণ্টিত হয় আৰু অধিকাংশৰেই গৃহ নির্মাণ সম্পূর্ণ কৰা বুলি নথিপত্র প্রস্তুত কৰি গ্রামোন্নয়ন বিভাগত দাখিল কৰা হৈছে ৷ কিন্তু বাস্তৱ ক্ষেত্রত উন্নয়ন খণ্ডটোৰ গৃহ নির্মাণ সম্পূর্ণ হোৱা বুলি দেখুওৱা হিতাধিকাৰীৰ ৭০ শতাংশৰেই বিভাগীয় নির্দেশনা অনুসৰি গৃহ নির্মাণ সম্পূর্ণ নোহোৱাৰ অভিযোগ উঠিছে ৷ ক্ষেত্রভিত্তিক অনুসন্ধানত বহু হিতাধিকাৰীৰ গৃহ নির্মাণ সম্পূর্ণ হোৱাৰ তথাকথিত স্বৰূপ পোহৰলৈ আহিছে ৷ কাগজে–কলমে গ্রামোন্নয়নৰ নির্দেশনা মতে গৃহ নির্মাণ সম্পূর্ণ কৰা দেখুৱাই উন্নয়ন খণ্ডটোৰ একাংশ গাওঁ পঞ্চায়তৰ জিপিচিয়ে দায়িত্ব সামৰিছে যদিও বহু হিতাধিকাৰীৰ অসম্পূর্ণ গৃহকেই সম্পূর্ণ হোৱা বুলি দেখুৱাইছে ৷ গৃহ নির্মাণ সম্পূর্ণ হোৱা বুলি দেখুওৱা একাংশ হিতাধিকাৰীৰ বাহিৰৰ দেৱাল প্লাষ্টাৰ কৰিলেও ভিতৰৰ দেৱাল আৰু ফ্ল’ৰ প্লাষ্টাৰ কৰাৰ পৰা বিৰত আছে ৷ তদুপৰি বহু হিতাধিকাৰীৰ পিছফালৰ দেৱাল প্লাষ্টাৰ কৰাই নাই ৷

তদুপৰি আন এচাম হিতাধিকাৰীৰ গৃহৰ কাঠৰ খিৰিকী নলগোৱাকৈ কাপোৰৰ পর্দা লগাই ফটো মাৰি উন্নয়ন খণ্ডত জমা দি নির্মাণকার্য সম্পূর্ণ হোৱা দেখুওৱাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ ইয়াৰোপৰি কনিষ্ঠ অভিযন্তাৰ কাৰিকৰী নিৰীক্ষণ নোহোৱাকৈ জিপিচিৰ অবাধ হস্তক্ষেপৰ বাবেইএকাংশ হিতাধিকাৰীৰ গৃহ বিভাগীয় জোখতকৈ সৰু আৰু ঠেককৈ নির্মাণ হোৱা বুলি অভিযোগ উঠিছে ৷ ইফালে, দ্বিতীয় আৰু তৃতীয় কিস্তিৰ পুঁজি মোকলাই দিয়াৰ পূর্বে সংশ্লিষ্ট কনিষ্ঠ অভিযন্তাই গৃহ নির্মাণ পৰিদর্শন কৰি বিভাগীয় নির্দেশনা মতে নির্মাণ কার্য হোৱা বুলি টোকা আগবঢ়োৱাৰ পিছত বিডি’ই পুঁজি মোকলাই দিয়াটো নিয়ম যদিও একাংশ জিপিচিয়ে দায়িত্বৰত কনিষ্ঠ অভিযন্তাক গুৰুত্বহীন কৰি বিডি’ৰ লগলাগি ধন মোকলাই দিয়া বুলিও চর্চিত হৈছে ৷ আনহাতে, উন্নয়ন খণ্ডটোৰ দুজনমান জিপিচিয়ে কনিষ্ঠ অভিযন্তাৰ ভূমিকাত অৱতীর্ণ হোৱা সত্ত্বেও বিডিঅ’ই চকুমুদা কুলীৰ ভাৱত অৱতীর্ণ হৈছে ৷

ইপিনে, ২০১৬–১৭ বর্ষত গৃহ আবণ্টন হোৱাৰ পিছত পঞ্জীয়ন কৰিও মাটি নথকা বুলি প্রতিবেদন দি ধন বন্ধ কৰি ৰখা একাংশ হিতাধিকাৰীক শেহতীয়াকৈ মাটিৰ নথিপত্র দাখিল কৰাই ধন মোকলাই দিয়াৰ ক্ষেত্রত জিপিচিয়ে গুৰুত্বপূর্ণ ভূমিকা লোৱাটো ৰহস্যজনক ৷ আনকি উক্ত বর্ষত গৃহ আবণ্টন হোৱা হিতাধিকাৰীক কৌশলৰে বঞ্চিত কৰি পিএমএৱাইৰ লক্ষ্যৰ ক্রমিক নম্বৰৰ পিছৰ হিতাধিকাৰীক আগুৱাই আনি গৃহ আবণ্টন দিয়াৰ ক্ষেত্রত একাংশ জিপিচিয়ে আগভাগ লৈছিল ৷ সেইবর্ষৰ বঞ্চিত এচাম হিতাধিকাৰী আকৌ কিদৰে মাটিৰ গৰাকী হ’ল আৰু ২০১৮–১৯ আৰু ১৯–২০ বর্ষতহে গৃহ নির্মাণৰ ধন মোকলাই দিয়াৰ আঁৰৰ ৰহস্য কি সেই লৈ সচেতন মহলে প্রশ্ন তুলিছে ৷

You might also like