প্রধানমন্ত্রী ফচল বীমা যোজনাৰ হিতাধিকাৰীৰ প্রিমিয়ামৰ অংশও দিব চৰকাৰে
নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ বৃহস্পতিবাৰৰ কেবিনেটে ৰাজ্যৰ কৃষক জনতাক বিৰাট সকাহ দি এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ এই সিদ্ধান্ত অনুসৰি প্রধানমন্ত্রীৰ ফচল বীমা যোজনাৰ হিতাধিকাৰীৰ প্রিমিয়ামৰ অংশও ৰাজ্য চৰকাৰে দিব৷ এই সন্দর্ভত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে প্রধানমন্ত্রীৰ ফচল বীমা যোজনা আমাৰ ইয়াত ২০১৬–১৭ বর্ষৰ পৰা আৰম্ভ হৈছে৷ এই আঁচনিখনৰ অধীনত বীমা কৰাৰ বাবে যিটো প্রিমিয়াম, ধৰি ল’লোঁ ৫ শতাংশ৷ ইয়াৰে ১.৫ শতাংশ কেন্দ্রীয় চৰকাৰে, ১.৫ শতাংশ ৰাজ্য চৰকাৰে আৰু বাকী ২ শতাংশ দাবী কৰা হিতাধিকাৰীয়ে দিব লাগে৷ এতিয়া ৰাজ্য চৰকাৰে নিজৰ অংশৰ ১.৫ শতাংশ দিয়াৰ উপৰি হিতাধিকাৰীৰ অংশ ২ শতাংশৰো দায়িত্ব লৈছে৷ অর্থাৎ ৰাজ্য চৰকাৰে কৃষকসকলৰ এই দায়িত্ব লৈ সম্পূর্ণ ৩.৫ শতাংশ প্রিমিয়াম দিব৷ ইয়াৰ বাবে ৩৭৯ কোটি টকা আজি কেবিনেটে মুকলি কৰি দিছে৷
এই পদক্ষেপে ৰাজ্যখনৰ লক্ষাধিক কৃষকক লাভান্বিত কৰিব৷ সেইদৰে জলসম্পদ বিভাগৰ কাম–কাজৰ নাবার্ড–২৭ৰ পৰা ৯৮ কোটি টকা আজি মুকলি কৰি দিয়া হৈছে বুলি স্বাস্থ্যমন্ত্রী মহন্তই সদৰী কৰে৷ তদুপৰি গুৱাহাটী মহানগৰীত চলাচল কৰা ৰিক্সা, ঠেলা, হাতে চলোৱা ঠেলা (বাণিজ্যত ব্যৱহূত)ৰ অনুজ্ঞা–পত্রৰ বাবে প্রয়োজনীয় মাচুল ৰেহাই দিছে আজিৰ কেবিনেটে৷ এই সন্দর্ভত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে গুৱাহাটী পৌৰ নিগমৰ এলেকাত যিবিলাক ঠেলা–ৰিক্সা আদি চলে, সেইবোৰৰ অনুজ্ঞা–পত্র ল’ব লাগে৷ এই অনুজ্ঞা–পত্রৰ বাবে আদায় দিব লাগে মাচুল৷
কেবিনেটে অনুজ্ঞা–পত্রৰ মাচুল ৰেহাই দিছে৷ ৰিক্সা–ঠেলাৰ কোনেও এতিয়াৰে পৰা অনুজ্ঞা–পত্র লওঁতে আৰু নৱীকৰণ কৰোঁতে মাচুল আদায় দিব নালাগে৷ লগতে কার্যালয়লৈ গৈ যাতে অনুজ্ঞা–পত্র ল’ব নালাগে, সেই বিষয়টো কেবিনেটে গুৱাহাটী পৌৰ নিগমক পৰীক্ষা কৰিব দিছে৷ অনলাইন অনুজ্ঞা–পত্র লোৱাৰ বাবে যি প্রক্রিয়া তাৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে৷ অৱশ্যে ইয়াৰ পূর্বে বিষয়টো গুৱাহাটী পৌৰ নিগমে পৰীক্ষা কৰিব৷ কেবিনেটৰ আন এক সিদ্ধান্ত হ’ল– লোকনির্মাণ (গৃহ–ৰাষ্ট্রীয় ঘাইপথ) বিভাগৰ অধীনত মুখ্য অভিযন্তা (স্বাস্থ্য আৰু শিক্ষা)ৰ এটা পদ সৃষ্টি৷ এই পদক্ষেপে লোকনির্মাণ বিভাগৰ স্বাস্থ্য আৰু শিক্ষা সম্পর্কীয় বিভিন্ন উন্নয়নমূলক কাম–কাজ অধিক ক্ষিপ্রতৰ কৰি তুলিব৷ কৃষি বিভাগৰ কাম–কাজসমূহ অধিক দক্ষতাৰে পৰিচালনা কৰাৰ ক্ষেত্রত সহায়ক হোৱাকৈ কৃষি বিষয়াসকলৰ পদোন্নতিৰ ক্ষেত্রত যোগ্যতা অর্জনকাৰী সেৱা শিথিলকৰণৰো সিদ্ধান্ত কেবিনেটে গ্রহণ কৰিছে৷
এই বিষয়ে সদৰী কৰি স্বাস্থ্যমন্ত্রী মহন্তই কয় যে কৃষি বিভাগত পদোন্নতি বিশেষকৈ উপ–সঞ্চালক আৰু যুটীয়া সঞ্চালক পদমর্যাদা এটা নির্দিষ্ট সময় পাৰ হ’লেহে দিব পৰা যায়৷ যাৰ কাৰণে ওপৰত বিষয়া খালী হৈ গৈছে৷ এতিয়া এনে পদত নূ্যনতম এবছৰ কার্যনির্বাহ কৰিলেই পৰৱর্তী পদোন্নতি হ’ব৷ আজিৰ কেবিনেটে অসম বীজ নিগমৰ অধীনৰ ১২খন ফার্মৰ চাৰিসীমাত কাঁইটীয়া তাঁৰৰ বেৰ নির্মাণৰ লগতে আন্তঃগাঁথনি উন্নয়ন, বীজ নিগমৰ অধীনৰ হর্টিকালচাৰ নার্ছাৰী, গুৱাহাটী আৰু উলুবাৰী নার্ছাৰীৰ বিকাশত অনুমোদন জনাইছে৷ সেইদৰে আন্তঃগাঁথনি সম্পর্কীয় প্রকল্প ৰূপায়ণৰ লক্ষ্যৰে অসম আন্তঃগাঁথনি পুঁজি সংস্থাৰ বাবে ২৫০ কোটি টকাতো অনুমোদন জনাইছে কেবিনেটে৷ ইফালে ৰাজ্যিক কোষাগাৰত থকা গঁড়ৰ খড়গসমূহক লৈ কেবিনেটে এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷
সংবাদ মেলত এই বিষয়ে সদৰী কৰে বনমন্ত্রী পৰিমল শুক্লবৈদ্যই৷ তেওঁ কয় যে আজিৰ দিনটোত ৰাজ্যিক কোষাগাৰত মুঠ ২,৬২৩টা খড়গ জমা আছে৷ ইয়াৰ ভিতৰত ৫০টা খড়গক লৈ গোচৰ চলি আছে আদালতত৷ এই ৫০টাৰ উপৰি ৯৪টা খড়গ আমি বৈজ্ঞানিকভাৱে চাই–মেলি চিনাক্তকৰণ কৰিছোঁ৷ এতিয়া চিনাক্তকৰণ কৰা ৯৪টা খড়গ কাজিৰঙাত এটা প্রাকৃতিক বুৰঞ্জী যাদুঘৰ স্থাপন কৰি সংৰক্ষণ কৰা হ’ব৷ এই যাদুঘৰটোত বন্যপ্রাণী তথা প্রাকৃতিক বিভিন্ন বস্তু সন্নিৱিষ্ট হ’ব৷ যাদুঘৰটোত ৰাখিবলগীয়া ৯৪টা খড়গৰ উপৰি আদালতত গোচৰ চলি থকা ৫০টা খড়গ পূর্বে যিধৰণে ৰখা হয়, সেইদৰেই ৰখাৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰ বিপৰীতে বাকী ২,৪৭৯টা খড়গ ৰাজহুৱাভাৱে দাহ কৰা হ’ব বুলি জানিবলৈ দিয়ে বনমন্ত্রী শুক্লবৈদ্যই৷