নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রমোদ বড়োক জাতিৰ উন্নতিৰ ঠিকা দি থোৱা নাই বড়ো জনগণে

নিয়মীয়া বার্তা, ৬ মার্চঃ চিৰাং জিলাৰ বিজনীৰ নিকটৱর্তী বডোলাউ গাঁৱত সদৌ গুদি বাথৌ ধর্মৰ ষষ্ঠসংখ্যক কেন্দ্রীয় অধিৱেশন আৰু বিজনী জিলা আফাতৰ বাথৌ আফাতৰ প্রথম বার্ষিক অধিৱেশনৰ বৃহস্পতিবাৰে অন্তিম দিনৰ মুকলি সভাত উপস্থিত থাকে বিটিচিপ্রধান হাগ্রামা মহিলাৰী ৷ তেওঁ এবছুৰ প্রাক্তন সভাপতি তথা বর্তমানৰ ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ তদুপৰি সংবাদ মাধ্যমৰ সন্মুখত মহিলাৰীয়ে প্রমোদ বড়োক বেপাৰী আখ্যা দিয়াৰ লগতে বড়োলেণ্ড আন্দোলনৰ দীর্ঘদিনীয়া দাবীক নস্যাৎ কৰি বিটিআৰ চুক্তি স্বাক্ষৰ কৰি ৰাজনৈতিক দলত যোগদান কৰা বাবে প্রমোদ বড়োক সমালোচনা কৰি বড়ো জাতিয়ে প্রমোদ বড়োক জাতিৰ উন্নতিৰ বাবে ঠিকা দি থোৱা নাই বুলি মন্তব্য কৰে মহিলাৰীয়ে ৷ উক্ত সভাত বিজনীৰ বিধায়ক কমলসিং নার্জাৰী, কেন্দ্রীয় সভাপতি সংৰাজা নার্জাৰী, এমচিএলএ অতিং হাজঙকে ধৰি বিজনী জিলা গুদি বাথৌ আফাতৰ কর্মকর্তা উপস্থিত থাকে ৷

You might also like