প্রশ্নকাকত ফাদিলৰ পাছত তৎপৰ ছেবাঃ চিচি টিভিৰ নিৰীক্ষণত খোলা হ’ব প্রশ্নকাকত
- নতুন এছঅ’পি জাৰি ছেবাৰ
- অ’চিয়ে গ্রহণ কৰিব লাগিব প্রশ্নকাকতৰ টোপোলা
- চিচি টিভিৰ নিৰীক্ষণত খোলা হ’ব প্রশ্নকাকত
- কঠোৰ বাধ্য–বাধকতাৰ মাজত অনুষ্ঠিত হ’ব পৰৱর্তী পৰীক্ষা
- পুনৰ আৰক্ষীৰ জালত ডফলাকটা জনজাতি হাইস্কুলৰ কর্মচাৰী
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ: মেট্রিকৰ প্রশ্নকাকত ফাদিল হোৱা ঘটনাক লৈ চিআইডিয়ে তদন্ত তীব্রতৰ কৰি তুলিছে৷ লখিমপুৰ জিলাৰ পৰা গ্রেপ্তাৰ কৰা চাৰিওগৰাকী শিক্ষককে চিআইডিৰ দলে গুৱাহাটীৰ মুখ্য কার্যালয়ত মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ ফাদিল কৰা প্রশ্নকাকত কেৱল ছাত্র–ছাত্রী অথবা ব্যক্তি বিশেষক দিছিল নে আন কোনো ব্যক্তিগত প্রতিষ্ঠানৰ স্বত্বাধিকাৰীকো ধনৰ বিনিময়ত প্রদান কৰিছিল, সেয়া সোধা–পোছা অব্যাহত ৰাখিছে চিআইডিয়ে৷
বিশেষ সূত্রই জনোৱা মতে, মাৰাথন জেৰাত অভিযুক্ত শিক্ষককেইগৰাকীয়ে আন কেইবাজনো শিক্ষকৰ লগতে বিশেষ কিছুসংখ্যক ব্যক্তিৰ নামো উল্লেখ কৰিছে৷ সম্প্রতি উক্ত লোককেইজনৰ বিৰুদ্ধে প্রমাণ বিচাৰি তদন্ত আৰম্ভ কৰিছে চিআইডিয়ে৷ অৱশ্যে বিশেষ লোককেইজন শিক্ষক নে কোনোবা ব্যক্তিগত শিক্ষানুষ্ঠানৰ স্বত্বাধিকাৰী সেয়া সদৰী কৰা নাই সূত্রটোৱে৷ ইপিনে, আজি পানীগাঁও আৰক্ষী থানাই ন–আলি ঘাগৰমুখ ঘাটৰ পৰা আটক কৰে পূব তেলাহী দখলাকাটা গাঁৱৰ অনিল দলে নামৰ লোকজনক৷ ধৃত লোকজন দখলাকাটা জনজাতি হাইস্কুলৰ চতুর্থবর্গৰ কর্মচাৰী বুলি জানিব পৰা গৈছে৷ প্রশ্ণকাকত ফাদিলক লৈ ইয়াৰ পূর্বেও পানীগাঁও আৰক্ষীয়ে অনিল দলেক সোধা–পোছা চলাই এৰি দিছিল যদিও আজি পুনৰ আটক কৰাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, দলেৰ এগৰাকী নাতিয়েক এইবাৰ মেট্রিক পৰীক্ষাত অৱতীর্ণ হৈছিল৷ নাতিয়েকক সহায় কৰাৰ বাবে দলেয়ে অসৎ পন্থা অৱলম্বন কৰিছিল৷
ইতিমধ্যে চিআইডিয়ে গ্রেপ্তাৰ কৰা কেলেংকাৰিটোৰ মূল অভিযুক্ত তথা বিদ্যালয়খনৰ শিক্ষক কুমুদ ৰাজখোৱা আৰু প্রসন্ন দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত চতুর্থবর্গৰ কর্মচাৰী অনিল দলেক আটক কৰিছে আৰক্ষীয়ে৷ বর্তমানে দলেক থানাত ৰাখি মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ চিআইডিৰ সূত্রই জনোৱা মতে, লখিমপুৰ জিলাৰ চৰকাৰী বিদ্যালয়ৰ বাদেও অপ্রাদেশীকৃত বিদ্যালয়ৰো বহুকেইগৰাকী শিক্ষকৰ নামৰ তালিকা আৰক্ষীয়ে লাভ কৰিছে৷ পর্যায়ক্রমে তেওঁলোককো তদন্তৰ আওতালৈ অনা হ’ব৷ ইপিনে, বৃহৎ কেলেংকাৰিটোৰ পাছত পলমকৈ হ’লেও সম্বিৎ ঘূৰাই পালে ছেবাই৷ আগন্তুক পৰীক্ষাকেইটা সুকলমে সম্পন্ন কৰিবলৈ নতুন নির্দেশনা বা এছঅ’পি জাৰি কৰিছে ছেবাই৷ কঠোৰ বাধ্য–বাধকতাৰ মাজত পৰৱর্তী পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা লৈছে ছেবাই৷ বিশেষকৈ অহা ৩০ মার্চ আৰু ১ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ বিজ্ঞান আৰু অসমীয়া বিষয়ৰ পৰীক্ষা সুকলমে সম্পন্ন কৰিবলৈ এই এছ’পি জাৰি কৰিছে ছেবাই৷
নতুন নির্দেশনা অনুসৰি উক্ত দুয়োটা বিষয়ৰে প্রশ্নকাকতসমূহ ৰাজ্যৰ বিভিন্ন পৰীক্ষা কেন্দ্রৰ নিকটৱর্তী আৰক্ষী থানা অথবা আৰক্ষী চকীলৈ অহা ২৬ মার্চৰ পৰা ২৯ মার্চৰ ভিতৰত প্রেৰণ কৰিব ছেবাই৷ কার্টনত পেক কৰা গোপনীয় কাকতসমূহ পৰীক্ষা কেন্দ্রসমূহত নিকটৱর্তী থানা অথবা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াই পৰীক্ষা কেন্দ্রৰ তত্ত্বাৱধায়ক আৰু ছেবাৰ বিষয়াৰ উপস্থিতিত গ্রহণ কৰিব লাগিব৷ ছীল কৰা প্রশ্নকাকতৰ টোপোলাসমূহ পূর্বৰ দৰে আৰক্ষী থানাত খুলিব নোৱাৰিব৷ ছীল কৰা কার্টনসমূহ পৰীক্ষা কেন্দ্রৰ তত্ত্বাৱধায়কে আৰক্ষীৰ নিৰাপত্তাৰ মাজত পৰীক্ষা কেন্দ্রলৈ নিব লাগিব৷ কেন্দ্রবোৰত থকা ষ্টংৰূমৰ ভিতৰত চিচি টিভিৰ পর্যবেক্ষণৰ সন্মুখত প্রশ্ণকাকতৰ ছীল কার্টনবোৰ খুলিব পাৰিব৷ সকলো হৈ যোৱাৰ পাছত গোপনীয় তথ্যসমূহৰ পেলনীয়া অংশবোৰো য’তে–ত’তে পেলাই নিদি সেইবোৰ সংগ্রহ কৰি ছেবাৰ দায়িত্ববাহী বিষয়াই কেন্দ্রৰ সমীপৱর্তী আৰক্ষী থানালৈ লৈ আনিব লাগিব৷ থানাৰ পৰাহে পেলনীয়া অংশখিনি পুনৰ ছেবাৰ মূল কার্যালয়লৈ লৈ আনিব লাগিব বিষয়ববীয়াসকলে৷ প্রশ্ণ হৈছে– সকলো জানি–বুজিও এনেধৰণৰ সুৰক্ষামূলক পদক্ষেপ পূর্বে কিয় লোৱা নাছিল ছেবা কর্তৃপক্ষই৷ অৱশ্যে পলমকৈ হ’লেও লোৱা এনেধৰণৰ পদক্ষেপত সন্তুষ্টি প্রকাশ কৰিছে ৰাজ্যৰ শৈক্ষিক মহলে৷