নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ গুৱাহাটীয়ে মামণি ৰয়ছম গোস্বামীৰ কাহিনীৰ আধাৰত পাকিজা বেগমে ৰচনা কৰাৰ লগতে পৰিচালনা কৰা নাট ‘পদ্মপ্রিয়া’, দ্বিতীয় দিনা মুখা বৰপেটাই মনজিৎ দাসৰ কাহিনীৰ আধাৰত নির্মল দাসে ৰচনা আৰু পৰিচালনা কৰা নাট ‘মনৰ চিলা’, সমন্বয় ক্ষেত্র পানীগাঁৱে শতদল বৈশ্যই ৰচনা আৰু পৰিচালনা কৰা ‘নিমখৰ সমান বৰ নাই নাই’ আৰু তৃতীয় দিনা সূনাগ কৈঠালকুছিয়ে হেম বৰুৱাৰ মমতাৰ চিঠি মূল কবিতাটিৰ পৰা মুকুল ঈদিপাছে নাট্যৰূপ দিয়া আৰু পৰিচালনা কৰা নাট ‘মমতাৰ মহাকাব্য’ আৰু একেটি নাট্যগোষ্ঠীয়ে শান্তনু শর্মাৰ মূল কবিতাৰ পৰা নৱজ্যোতি পাঠকে নাট্যৰূপ দিয়া লগতে মুকুল ঈদিপাছে পৰিচালনা কৰা ‘কান্দেনীৰ সাঁচিপাত’ নামৰ নাটকেইখনৰ কিছুমান সংলাপ আৰু নাট্যমুহূর্তই দর্শক ৰাইজক ভবাই তোলাৰ লগতে নাটকেইখনে উপস্থিত দর্শক ৰাইজক মন্ত্রমুগ্ধ কৰি তোলে৷ ইয়াৰ উপৰি নাটসমূহৰ কাহিনী, সাৱলীল অভিনয়, কাব্যিক আৰু ৰসাল সংলাপে দর্শক ৰাইজক মুগ্ধ কৰে৷ পথাৰ নাটমেলাৰ তিনিও দিনতে অসমৰ বহুকেইজন অভিনেতা, নাট্যকাৰ, কবি, সাংবাদিক, শিল্পী, সাহিত্যিক, সাংবাদিকৰ উপৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষার্থী উপস্থিত থাকে৷ আনফালে, আজি পথাৰ নাটমেলাৰ শেষৰদিনৰ কার্যসূচীমর্মে আবেলি বিশিষ্ট নাট্যকর্মী, সাহিত্যিক ভৱানীপ্রসাদ অধিকাৰীয়ে মুনিন বৰুৱাৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰাৰ পাছত পথাৰ নাটমেলাৰ প্রতিষ্ঠাপক ভূপাল চন্দ্র মিশ্রই সোঁৱৰণী বন্তি প্রজ্বলন কৰি উমেশ বর্মন আৰু গিৰিবালা বর্মন সোঁৱৰণী নাট্য আবেলিৰ আৰম্ভ কৰে৷ বিশিষ্ট গল্পকাৰ জয়ন্ত চক্রৱর্তীয়ে দেওবাৰে নাট্য আবেলিৰ নাট উদ্বোধন কৰে৷ দেওবাৰে নাট্য আবেলিত অতিথি হিচাপে অধ্যাপক ভৱেন্দ্র নাথ পাঠক, কবি ৰফিকুল হুছেইন, শান্তনু শর্মাৰ লগতে জিলাখনৰ বহুকেইজন সাংবাদিক উপস্থিত থাকে৷ দেওবাৰে নাট্য আবেলিৰ শেষত পথাৰ নাটমেলাৰ সভাপতি পূর্ণিমা পাঠক শইকীয়াই আগন্তুক বর্ষত অর্থাৎ ২০২১ বর্ষৰ ২৬, ২৭ আৰু ২৮ ফেব্রুৱাৰীত সপ্তম বার্ষিক পথাৰ নাটমেলা অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰে৷ ষষ্ঠ বার্ষিক পথাৰ নাটমেলাৰ সফল সামৰণিৰ পাছত নাট্যপ্রেমী ৰাইজে সূনাগ কৈঠালকুছিয়ে এনেকুৱা অনুষ্ঠান এটি আয়োজন কৰি ৰাইজক নাট উপভোগৰ সুযোগ দিয়া বাবে সূনাগক ভূয়সী প্রশংসা কৰাৰ লগতে গোষ্ঠীটোৰ উত্তৰোত্তৰ কামনা কৰে৷