নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ভাৰত ভ্ৰমণৰ সম্পূৰ্ণ কাৰ্যসূচী-

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ দুদিনীয়া কার্যসূচীৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প, ফার্ষ্ট লেডী মেলানিয়া ট্রাম্প আৰু তেওঁলোকৰ জী–জোঁৱাই ক্রমে ইভানকা আৰু জাৰেড কুছনাৰ ভাৰত ভ্রমণলৈ আহিব৷ লগত থাকিব এটা উচ্চ পর্যায়ৰ সঁজাতী দল৷

বিদেশ মন্ত্রালয়ে জনোৱা মতে আজি ১১.৪০ বজাত আমেৰিকান সেনাৰ বিশেষ বিমানযোগে আহমেদাবাদৰ বল্লভভাই বিমানবন্দৰত অৱতৰণ কৰিব ড’নাল্ড ট্রাম্পে ৷ তাতে তেওঁক আদৰণি জনাব ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ বিমানবন্দৰৰ পৰা ২২ কিলোমিটাৰ ৰোড শ্ব’ৰে ড’নাল্ড ট্রাম্প আৰু নৰেন্দ্র মোদীয়ে যাত্রা আৰম্ভ কৰিব আৰু দুপৰীয়া ১২.১৫ বজাত সবৰমতী আশ্রমত উপস্থিত হৈ মহাত্মা গান্ধীক শ্রদ্ধাঞ্জলি জনাব৷

তাৰ পৰা পোনে পোনে ৰোড শ্ব’ৰে দুয়োজন নেতা আহমেদাবাদৰ ম’টেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ‘নমস্তে ট্রাম্প’ অনুষ্ঠানলৈ যাত্রা কৰিব৷ এই ২২ কিলোমিটাৰজোৰা ৰোড শ্ব’ লাখ লাখ লোকে প্রত্যক্ষ কৰিব৷ বিশ্বৰ সর্ববৃহৎ ম’টেৰাৰ ক্রিকেট ষ্টেডিয়ামত ড’নাল্ড ট্রাম্প আৰু নৰেন্দ্র মোদীয়ে দিনৰ ১.০৫ বজাত লক্ষাধিক লোকক সম্বোধন কৰিব৷

‘নমস্তে ট্রাম্প’ কার্যসূচীৰ পাছতেই পৰিয়ালসহ ড’নাল্ড ট্রাম্প ৩.৩০ বজাত যাত্রা কৰি ৪.৪৫ বজাত আগ্রা পাবগৈ৷ সন্ধিয়া ৫.১৫ বজাত মার্কিন ৰাষ্ট্রপতিজনে তাজমহল পৰিদর্শন কৰিব৷ তাৰ পাছতেই সন্ধিয়া ৬.৪৫ বজাত নতুন দিল্লীৰ আই টি চি মৌর্য হোটেললৈ নৈশ যাপনৰ বাবে পৰিয়ালসহ ঘূৰি আহিব ট্রাম্প৷

২৫ ফেব্রুৱাৰীঃ

ভাৰত ভ্রমণৰ দ্বিতীয় দিনা অর্থাৎ ২৫ ফেব্রুৱাৰীৰ পুৱা ১০ বজাত দিল্লীৰ ৰাষ্ট্রপতি ভৱনত ড’নাল্ড ট্রাম্পে ভাৰতৰ ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দক সাক্ষাৎ কৰিব৷ এই সাক্ষাতৰ পাছতেই মার্কিন ৰাষ্ট্রপতিজনে ৰাজঘাটৰ সমাধিত জাতিৰ পিতা মহাত্মা গান্ধীক শ্রদ্ধাঞ্জলি জনাব৷ দিনৰ ১১ বজাত দিল্লীৰ হায়দৰাবাদ হাউছত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ স’তে মার্কিন ৰাষ্ট্রপতিয়ে দ্বিপাক্ষিক আলোচনাত ভাগ ল’ব৷ এই আলোচনাত ঠাই পাব প্রতিৰক্ষা, নিৰাপত্তা, সন্ত্রাসবাদ, বাণিজ্য, শক্তি আদি বিভিন্ন বিষয়৷ এই বৈঠকৰ পাছতেই দুপৰীয়া ১২.৪০ বজাত বিভিন্ন দ্বিপাক্ষিক চুক্তিত ভাৰত–আমেৰিকাই স্বাক্ষৰ কৰিব৷ একে সময়তে ট্রাম্পৰ পত্নী মেলানিয়া ট্রাম্পে দিল্লী চৰকাৰৰ অধীনত থকা চৰকাৰী বিদ্যালয়ত চলি থকা ‘হেপিনেছ ক্লাছ’ পর্যবেক্ষণ কৰিব৷ সন্ধিয়া ৭.৩০ বজাত ৰাষ্ট্রপতি ভৱনত ৰাম নাথ কোৱিন্দক সাক্ষাৎ কৰিব আমেৰিকাৰ ৰাষ্ট্রপতিজনে৷ ইয়াৰ পাছতেই নিশা ১০ বজাত ট্রাম্পৰ স’তে আমেৰিকাৰ সঁজাতী দলটো দিল্লীৰ পৰা আমেৰিকালৈ উভতি যাব৷

You might also like