প্ৰতিকূল বতৰৰ মাজতে ‘জাতীয় সংহতি মটৰচাইকেল ৰেলী’ৰে বজালী জিলাত প্ৰৱেশ আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ
অসম আৰক্ষী যিমান শক্তিশালী হব সিমানেই সুৰক্ষিত হব অসমবাসী - আনন্দ মিশ্ৰ
নিয়মীয়া বাৰ্তা, ২ মেঃ “সাধাৰণতে বহু মানুহে আৰক্ষী বিভাগৰ প্ৰতি বেয়া মনোভাৱ লৈ থাকে৷ ৰাইজে এনেকুৱা মনোভাৱ ৰখাটো অনুচিত৷ কিয়নো অসম আৰক্ষীত কাম কৰা মই বা আন কোনোবা ব্যক্তিগতভাৱে বেয়া হব পাৰো, কিন্তু অসম আৰক্ষী কেতিয়াও বেয়া হব নোৱাৰে৷” -এই মন্তব্য অসম আৰক্ষীৰ (ক্ৰীড়া) সহকাৰী আৰক্ষী মহাপৰিদৰ্শক আনন্দ মিশ্ৰৰ৷
আজি পাঠশালাত বজালী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত আৰক্ষী বিষয়াগৰাকীয়ে কয় যে অসম আৰক্ষী যিমান শক্তিশালী হব সিমানেই সুৰক্ষিত হব অসমবাসী৷ উল্লেখ্য যে এইবেলি অসম আৰক্ষীলৈ আগবঢ়োৱা হৈছে এক বিৰল সন্মান৷ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ তৰফৰ পৰা আগবঢ়োৱা সন্মান প্ৰেচিডেন্ট কালাৰ্চ এৱাৰ্ড লাভ কৰাৰ পৰিপ্ৰেক্ষিতত এই সন্মানৰ গৌৰৱময় ধ্বজা কঢ়িয়াই ধুবুৰীৰ পৰা শদিয়ালৈ অসম আৰক্ষীয়ে সমগ্ৰ অসমজুৰি এক বাইক ৰেলীৰ আয়োজন কৰিছে৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কালি ধুবুৰীত ফ্লেগ অফ কৰাৰ পিছতে আজি আবেলি আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীৰ ৯ জনীয়া বাইক ৰেলীৰ দলটো পাঠশালাত উপস্থিত হয়৷
প্ৰতিকূল বতৰৰ মাজতে অসম আৰক্ষীৰ জাতীয় সংহতি মটৰচাইকেল ৰেলীক বজালী জিলাৰ সীমান্ত কুজাৰপীঠত বজালীৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্বত বজালী আৰক্ষীৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়৷ অসম আৰক্ষীৰ (ক্ৰীড়া) সহকাৰী আৰক্ষী মহাপৰিদৰ্শক আনন্দ মিশ্ৰৰ নেতৃত্বত অহা জাতীয় সংহতি মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰা ৯ জনীয়া আৰক্ষীৰ দলটিক বজালী জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ আদৰি বজালী আৰক্ষীয়ে ফুলাম গামোছাৰে উষ্ম আদৰণি জনায়৷
ইয়াৰ পিছতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত মিশ্ৰই কয় যে অসম আৰক্ষী ৰাষ্ট্ৰপতিৰ প্ৰেচিডেন্ট কালাৰ্চ এৱাৰ্ডৰ বাবে নিৰ্বাচিত হোৱাটো অসমৰ বাবে এক গৌৰৱৰ বিষয়৷ বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড৹ ৰশ্মিৰেখা শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসে কয় যে অসম আৰক্ষীলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি বৰণ (কালাৰ) সন্মানৰ লগত সংগতি ৰাখি উলিওৱা এই বাইক ৰেলীয়ে আৰক্ষী আৰু জনতাৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব৷
উল্লেখ্য যে অসম আৰক্ষী হৈছে এই স্বীকৃতি লাভ কৰা দশম ৰাজ্যিক আৰক্ষী বাহিনী৷ বজালীৰ জ্যেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰী, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মুকুন্দ শৰ্মা, বিশিষ্ট শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ন গোস্বামী, বঙাইগাওঁ মহাবিদ্যালয়ৰ অধ্যাপক ড৹ হিৰুমণি কলিতাকে আদিকৰি বিভিন্ন অনুষ্ঠানৰ কেবাগৰাকীও প্ৰতিনিধিয়ে অসম আৰক্ষীৰ এই গৌৰৱময় সফলতাৰৰ বাবে প্ৰতিগৰাকী আৰক্ষী লৈ আজিৰ অনুষ্ঠানৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰে৷