প্ৰতি সপ্তাহৰ মঙলবাৰে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল : দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ ঘোষণা বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান । প্ৰতি সপ্তাহৰ মঙলবাৰে দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান । এক জাননী যোগে এই কথা সদৰি কৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে । ভাৰত চৰকাৰৰ পৰিবেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ নিয়মাৱলী অনুসৰি ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষ আৰু নীতিগতভাৱে বন(বন্যপ্ৰাণী)ৰ মুখ্য সংৰক্ষক, মুখ্য বন্যপ্ৰাণীৰ ৱাৰ্ডেন, অসমৰ নিৰ্দেশ অনুসৰি এই সিদ্ধান্ত মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ । সকলো পৰিবেশ পৰ্যটন কাৰ্যকলাপৰ বাবে অহা ১০ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি সপ্তাহৰ মঙলবাৰে পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান । বন্ধ থাকিব ৰাষ্ট্ৰীয় উদ্যানখনৰ জীপ চাফাৰী, হাতী ছাফাৰী , ৰাফটীং ।
প্ৰেৰক- লৱ কুমাৰ দাস, আনন্দ বজাৰ