আইপিএলৰ প্ৰথম মেচত নিষিদ্ধ অধিনায়ক হাৰ্দিক, কাৰণটো কি?
নিউজ ডেস্ক, ১২ মাৰ্চঃ আই পি এলৰ প্ৰাৰম্ভিক মেচসমূহ মুম্বাই ইণ্ডিয়ানছৰ বাবে প্ৰত্যাহ্বানমূলক হ’বলৈ গৈ আছে। আঘাতৰ বাবে যশপ্ৰীত বুমৰাহ কেইখনমান মেচৰ পৰা আঁতৰি থাকিব পাৰে। আনহাতে অধিনায়ক হাৰ্দিক পাণ্ডিয়াই নিষেধাজ্ঞাৰ বাবে আই পি এলৰ প্ৰথমখন মেচ খেলিব নোৱাৰিব। মুম্বাই ইণ্ডিয়ানছৰ আই পি এলৰ প্ৰথমখন মেচ অহা ২৩ মাৰ্চত এম এ চিদাম্বৰম ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব।
আইপিএল আৰম্ভ নৌহওঁতেই নিষিদ্ধ
IPL এতিয়াও আৰম্ভ হোৱা নাই, গতিকে হাৰ্দিকক নিষিদ্ধ কিয়? ২০১৫ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি হাৰ্দিক পাণ্ডিয়াই আই পি এল কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত ২০২১ চনলৈকে তেওঁ এই ফ্ৰেঞ্চাইজিৰ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ হৈয়েই থাকে। ২০২২ চনত তেওঁ গুজৰাট টাইটানছৰ অধিনায়ক হিচাপে খেলিছিল আৰু প্ৰথম বছৰতে চেম্পিয়ন হৈছিল। ২০২৩ চনতো তেওঁৰ অধিনায়কত্বৰ অধীনত গুজৰাটক ফাইনেললৈ লৈ যায়, য’ত তেওঁৰ দল চি এছ কেৰ হাতত পৰাস্ত হয়। গুজৰাটৰ হৈ ২টা ছিজন খেলাৰ পিছত নৱেম্বৰ মাহত মুম্বাই ইণ্ডিয়ানছলৈ উভতি আহি ২০২৪ চনৰ আই পি এলত মুম্বাইৰ দায়িত্ব লয়।
কিয় নিষিদ্ধ হ’ল হাৰ্দিক পাণ্ডিয়া?
২০২৪ চনৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক আছিল হাৰ্দিক পাণ্ডিয়া। এই সময়ছোৱাত দলটোক লেহেমীয়া অভাৰ ৰেটৰ বাবে তিনিবাৰকৈ জৰিমনা বিহা হৈছিল। প্ৰথমবাৰৰ বাবে যেতিয়া অধিনায়কজনক দোষী সাব্যস্ত কৰা হয় তেতিয়া তেওঁক ১২ লাখ টকাৰ জৰিমনা বিহা হয়। দ্বিতীয়বাৰৰ বাবে এনে হ’লে অধিনায়ক আৰু আন খেলুৱৈক ১২ লাখ টকাকৈ জৰিমনা বিহা হয়। তৃতীয় এনে ভুলৰ বাবে অধিনায়কগৰাকীক ৩০ লাখ টকাৰ জৰিমনা বিহা হয় আৰু এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হয়। আন খেলুৱৈকো জৰিমনা বিহা হয়।
কেতিয়া হৈছিল লেহেম অভাৰ ৰেট
২০২৪ চনৰ আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে খেলা মুম্বাই ইণ্ডিয়ানছ ছিজনত তৃতীয়বাৰৰ বাবে লেহেমীয়া অভাৰ ৰেটৰ দোষী সাব্যস্ত হয়। এতিয়া হাৰ্দিক পাণ্ডিয়াক এখন মেচৰ বাবে নিষিদ্ধ কৰা হৈছে, গতিকে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব নোৱাৰিব, তাৰ পিছত তেওঁ দললৈ ঘূৰি আহিব।