নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথমবাৰৰ বাবে বৰপেটা সত্ৰত নহ’ল বিহু গণনা

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ বিশ্বৰ প্ৰতিটো প্ৰান্ততে ক’ৰোনা ভাইৰাছে কালৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যতো এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হৈছে বাপতিসাহোন ৰঙালী বিহু । আজি বিহুৰ দ্বিতীয় অৰ্থাৎ মানুহ বিহু । পহিলা ব’হাগৰ এই দিনটোতেই বৰপেটা সত্ৰত প্ৰতিবছৰে ধৰ্মীয় ৰীতি-নীতিৰে বিহু উদযাপন কৰাৰ লগতে বিহু গণনা কৰা হয় । ইয়াত অসংখ্য ভকত-বৈষ্ণৱে অংশগ্ৰহণ কৰা দেখা যায় ।

অৱশ্যে ক’ৰোনা ভাইৰাছে শংকিত কৰি ৰখাৰ এই সময়ছোৱাত পূৰ্ব পৰম্পৰা অনুসৰি কেইজনমান ভকতৰ উপস্থিতিতে নাম প্ৰসংগ কৰা হয় বৰপেটা সত্ৰত । মানৰ আক্ৰমণৰ পাছত বৰপেটাত প্ৰথমবাৰৰ বাবে এইদৰে অনুষ্টুপীয়াকৈ বিহু অনুষ্ঠিত কৰা হৈছে বুলি জানিব পৰা গৈছে । সোমবাৰৰ পৰা বৰপেটা সত্ৰত সাতদিনীয়াকৈ ব’হাগৰ দুমাহী পালন কৰা হৈছে যদিও পূৰ্বৰ দৰে তাত নাই কোনো জনসমাগম । কেৱল পৰম্পৰা ৰক্ষা কৰি কেইজনমান ভকতৰ উপস্থিতিতে এতিয়া বৰপেটা সত্ৰত সম্পন্ন হৈ আছে বিহুৰ কাৰ্যসূচী ।

You might also like