পৰম্পৰা ৰক্ষা কৰি লখিমপুৰত গৰু বিহু উদযাপন
নিয়মীয়া বাৰ্তা, ১৪ এপ্রিল: আজি গৰু বিহু। প্ৰতিকূল বতৰকো নেওচি সমগ্র ৰাজ্যবাসীৰ লগতে লখিমপুৰ জিলাৰ গাৱেঁ-ভূঁঞে নদ-নদী, পুখুৰী আৰু জলাশয়ত গৰুক মাহ হালধী সানি পুৱাই গা ধুৱাই। পৰম্পৰা ৰক্ষা কৰি লখিমপুৰত গৰু বিহু উদযাপন কৰিছে ।
লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰু বৃহত্তৰ মহাইজানবাসী ৰাইজৰ সহযোগত সোৱণশিৰি ঘাগৰনদীৰ পাৰত সমজুৱাকৈ গৰু বিহু উদযাপন হয় ।
নেৰানেপেৰা বৰষুণৰ মাজতো পুৱাৰে পৰা ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি এক উখল-মাখল পৰিবেশৰ মাজেৰে উদযাপন হয় গৰু বিহু ।