নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ কোনো কংগ্ৰেছ, বাওঁপন্থী অথবা অন্যান্য শক্তিসমূহে যিমানেই অপচেষ্টা নকৰক কিয় কোনো শক্তিয়ে এই সংকল্প যাত্ৰা ৰোধ কৰিব নোৱাৰে । কাৰণ এই সংকল্প যাত্ৰাত আছে অসমী আইৰ প্ৰতি শ্ৰদ্ধা-ভক্তি , সততা-নিষ্ঠা আৰু আন্তৰিকতা গতিকে সেই বাবেই এই যাত্ৰাই নিশ্চিতভাৱে বিশ্বজয় কৰাৰ বাবে অসমক শক্তিশালী ৰূপত গঢ় দিব – দেওবাৰে ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত বিজেপিৰ সংকল্প সমাৰোহত এইদৰেই উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
স্বৰ্গদেউ চাওলুং চুকাফাৰ লগতে ৪২ গৰাকীকৈ আহোম স্বৰ্গদেউৱে ৬০০ বছৰীয়া যি গৌৰৱোজ্জ্বল যি সামাজিক ইতিহাস বিশ্বৰ বুকুত ৰচনা কৰিলে আৰু সেই যাত্ৰাৰে আজি তাৰিখত আমি সকলোৱে জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বী এক ঐক্যৱদ্ধভাৱে অসমখনক আগুৱাই নিয়াৰ বাবে প্ৰয়াস কৰিব লাগিব । আজি একাংশই আমাৰ মাজত বিচ্ছিন্নতা আনিব বিচাৰিছে যদিও সেইসকলে নাজানে যে ভাৰতীয় জনতা পাৰ্টীৰ এই চৰকাৰখন সদায় খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধ । আমি থকালৈকে অসমত কোনো বিদেশীয়ে মাটি দখল কৰিব নোৱাৰে , আমাৰ অস্তিত্ব বিপদাপন্ন কৰিব নোৱাৰে । – এইদৰেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সোচ্চাৰ হৈ পৰা দেখা গ’ল ডিব্ৰুগড়ত ।
ইফালে , মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ যেন কা বিৰোধী আন্দোলনকাৰীসকলক লক্ষ্য কৰি ল’লে এই সংকল্প সমাৰোহত । একাংশই অনাহকত ভুৱা তথ্যৰ মানুহক ভীতিগ্ৰস্ত কৰিছে বুলি কৈ লাচিত বৰফুকনৰ পৰা সন্তোষ কুমাৰ তপ্নলৈকে ইতিহাসৰ পাত লুটিয়াই অসমীয়াই কেতিয়াও ভয় নকৰে বুলি কয় সৰ্বানন্দ সোণোৱালে ।
অসমৰ শৈক্ষিক পৰিৱেশ বিনস্ত কৰি একাংশই যি অপপ্ৰচাৰ চলাই আছে সেই অপপ্ৰচাৰৰ বিৰুদ্ধে ৰাইজক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ । মঞ্চৰ পৰাই ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবনে নাই , কৰিবনে নাই বুলিও বহুবাৰ ৰাইজক উদ্দেশ্যি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীজনে । কৰ্মসংস্কৃতি অবিহনে কোনো জাতিয়ে বিশ্বৰ বুকুত নিজকে প্ৰতিষ্ঠা কৰিব নোৱাৰে , গতিকে পুৰুষ-নাৰী, যুৱক-যুৱতী উভয়ে কৰ্মসংস্কৃতিৰ মাজেৰে অসমভূমিক প্ৰতিষ্ঠা কৰিব লাগিব বিশ্বৰ বুকুত ।
কংগ্ৰেছ, বাওঁপন্থী আৰু নতুন ৰাজনৈতিক দলৰ চিন্তা-চৰ্চা সন্দৰ্ভতো উল্লেখ কৰিলে সৰ্বানন্দ সোণোৱালে । নতুন ৰাজনৈতিক দলৰ চিন্তা-চৰ্চাই কেতিয়াও অসমত পৰিৱৰ্তন আনিব নোৱাৰে । কিয়নো পৰিৱৰ্তনৰ বাবে আন্তৰিকতা , সদিচ্ছা আৰু সততা-নিষ্ঠা লাগিব যিটো মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ভাৰতবৰ্ষৰ ১৩০ কোটি জনতাৰ আগত মাত্ৰ পাঁচটা বছৰতে দেখুৱাই দিছে বুলিও উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে ।
নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভতো সংকল্প সমাৰোহত উল্লেখ কৰে মুখ্য়মন্ত্ৰীজনে । যি সকল বহু বছৰ ধৰি ইয়াত আছে, ধৰ্মীয় উৎপীড়ণৰ বলি হৈ ভাৰতৰ ভিন্ন প্ৰান্ত যিসকল লোক আছে সেইসকলক হে নাগৰিকত্ব প্ৰদান কৰিব এই আইনে । এই আইনে কোনোপধ্যে অসমীয়া জাতি-ভাষা-সংস্কৃতি অসুৰক্ষিত নকৰে, নকৰে আৰু নকৰে বুলি কয় সৰ্বানন্দ সোণোৱালে ।