নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিল্মফেয়াৰত অসমৰ বর্ণাঢ্য সংস্কৃতিৰ চমক

‘মায়ানগৰী’ৰ মায়াত মছগুল সৰুসজাই

নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ এক বর্ণিল সন্ধিয়াত সপোনপুৰীত পৰিণত হ’ল সৰুসজাই ষ্টেডিয়াম ৷ ‘মায়ানগৰী’ৰ মায়াত মছগুল হৈ পৰিল গুৱাহাটীৰ সহস্রাধিক চিত্রপ্রেমী ৷ ৬৫সংখ্যক ফিল্মফেয়াৰ এৱার্ডত শনিবাৰে বলীউডৰ তাৰকা–মহাতাৰকাই সৰুসজাইৰ আটকধুনীয়া মঞ্চৰ চকু ছাট্ মাৰি ধৰা ৰং–বিৰঙী আলোকসজ্জাৰ মাজত স্বপ্নবিভোৰ কৰি তুলিলে দর্শকক ৷ বহুৰঙী জাক–জমকতাৰ মাজতে অনুষ্ঠানত প্রদর্শিত হ’ল অসমৰ কলা–সংস্কৃতি ৷ অসমীয়া চলচ্চিত্রৰ ইতিহাসো উপস্থাপন কৰা হ’ল সমগ্র দেশৰ ভিতৰতে চিনেমা জগতৰ অগ্রগণ্য আৰু আকর্ষণীয় অনুষ্ঠান হিচাপে পৰিচিত ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠানত ৷ ‘টাইমছ অৱ ইণ্ডিয়া’ গ্রুপে প্রথমবাৰৰ বাবে এই ইতিহাসবিজড়িত অনুষ্ঠান মুম্বাইৰ বাহিৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল ৷ গুৱাহাটীত এই অনুষ্ঠান সুকলমে অনুষ্ঠিত কৰাটো অসমবাসীৰ বাবে নিশ্চিতভাৱে গৌৰৱৰ বিষয় ৷ সমান্তৰালভাৱে ৰাজ্যৰ পর্যটন উদ্যোগৰ বাবেও এয়া এক আশাৰ বতৰা ৷

আটাইতকৈ উৎসাহৰ কথাটো হ’ল– অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ প্রতি বলীউডৰ তাৰকাসকলে প্রদর্শন কৰা উৎসুকতা, মৰম আৰু অনুৰাগ৷ বলীউডৰ নামী–দামী তাৰকা তথা কলা–কুশলীয়ে সৰুসজাইৰ মঞ্চত সৃষ্টি কৰিলে একপ্রকাৰৰ মায়াৰ জাল ৷ বলীউডী জাক–জমকতাৰ মাজতে চমক সৃষ্টি কৰিলে মেটমৰা অসমীয়া সংস্কৃতি প্রদর্শনে ৷ অনুষ্ঠান পৰিৱেশন কৰিলে জনপ্রিয় অভিনেতা ৰণবীৰ সিং, অক্ষয় কুমাৰ, মাধুৰী দীক্ষিতৰ দৰে আগশাৰীৰ অভিনেতা–অভিনেত্রীয়ে ৷ অসমীয়া ফুলাম জাপিৰে সজোৱা এখন ই–ৰিক্সাত উঠি ‘ফিল্মফেয়াৰ’ৰ মঞ্চত প্রৱেশ কৰা অনুষ্ঠানটোৰ হোষ্ট–ছবি নির্মাতা কৰণ জোহৰ আৰু বিকি কৌশলে অসমীয়া চলচ্চিত্রৰ ইতিহাস দাঙি ধৰি তিনি অসমীয়া প্রবাদ পুৰুষ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, প্রমথেশ বৰুৱাক স্মৰণ কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ৷ সাত সহস্রাধিক দর্শকৰ পাৰভঙা উছাহৰ মাজতে আৰম্ভ হোৱা অনুষ্ঠানত দর্শকক বিশেষভাৱে আপ্লুত কৰিলে অভিনেতা ৰণবীৰ সিঙে ৷ বলীউডৰ এসময়ৰ আগশাৰীৰ সংগীত পৰিচালক আৰ ডি বর্মনক সুঁৱৰি অনুষ্ঠান পৰিৱেশন কৰা ৰণবীৰ সিঙৰ নৃত্যৰ তালে তালে নাচি আপোনপাহৰা হৈ পৰিল দর্শক–ৰাইজ ৷ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত সম্পূর্ণ সুৰক্ষিত আৰু সুপৰিচালিত ব্যৱস্থাৰ মাজেৰে অনুষ্ঠিত সন্ধিয়াৰ এই অনুষ্ঠান গুৱাহাটী তথা ৰাজ্যবাসীৰ দর্শকৰ বাবে আছিল ব্যতিক্রমী কার্যসূচী ৷ বলীউডৰ তাৰকাসকলক ওচৰতে পাই অত্যুৎসাহী হৈ পৰা যুৱক–যুৱতীসকলে ৰণবীৰ সিং আৰু অক্ষয় কুমাৰৰ নৃত্যৰ তালে তালে নাচি উঠাও পৰিলক্ষিত হ’ল ৷

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মন্ত্রী অতুল বৰা, চন্দন ব্রহ্ম, নৱ দলে, পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ লগতে কেইবাজনো সাংসদ, বিধায়ক আৰু শাসকীয় দলৰ নেতাৰ সমান্তৰালকৈ ৬৫সংখ্যক ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠানত ভি আই পিৰ শাৰী পূৰালে হার্টথ্র’ব জুবিন গার্গে ৷ অনুষ্ঠানলৈ অহা জুবিন গার্গে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সমুখত পাই আলিংগনেৰে সম্ভাষণ জনায় ৷ ইফালে ৬৫সংখ্যক ফিল্মফেয়াৰ এৱার্ড অনুষ্ঠানৰ লাইফ টাইম এচিভমেণ্ট বঁটাৰে সন্মানিত হয় বলীউডৰ বিশিষ্ট চিত্র নির্মাতা ৰমেশ চিপ্পী ৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু অক্ষয় কুমাৰে বিশিষ্ট চিত্র নির্মাতাগৰাকীক এই বঁটা প্রদান কৰে ৷ ৬৫সংখ্যক ফিল্মফেয়াৰ এৱার্ড অনুষ্ঠানত শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পী ৰূপে সন্মানিত হ’ল অৰিজিৎ সিং (কলংক্) আৰু শ্রেষ্ঠ গায়িকা ৰূপে শিল্পা ৰাও (ৱাৰ) ৷ একেদৰে শ্রেষ্ঠ গীতিকাৰ ৰূপে সন্মানিত হ’ল ডিভাইন আৰু অংকুৰ তেৱাৰী (গালী বয়) ৷ আনহাতে, নৱাগত অভিনেতা ৰূপে সন্মানিত হ’ল অভিমন্যু দাছানী (মর্দ কো দর্দ নেহী হোটা), নৱাগত অভিনেত্রী হিচাপে সন্মানিত হ’ল অনন্যা পাণ্ডে (ষ্টুডেণ্ট অৱ দ্য ইয়েৰ–২) ৷ ইফালে বলীউডত বিগত ৩০ বছৰ ফেশ্বনৰ ক্ষেত্রত আগবঢ়োৱা অৰিহণাৰ বাবে মনীষ মালহোত্রালৈ আগবঢ়োৱা হ’ল বিশেষ সন্মান ৷ আনহাতে, সন্মানিত হোৱাসকলৰ ভিতৰত আছে– শ্রেষ্ঠ ছাউণ্ড ডিজাইনাৰ বিশ্বদীপ দীপক চেটার্জী, নিহাৰৰঞ্জন ছমাল (উৰিঃ দ্য ছার্জিকেল ষ্ট্রাইক), শ্রেষ্ঠ সম্পাদনা শিৱকুমাৰ ভি পাণিকাৰ (উৰি – দ্য ছার্জিকেল ষ্ট্রাইক), শ্রেষ্ঠ একচন পল জেনিংছ অ’ চি ইয়ং পাৰভেজ শ্বেখ আৰু ফ্রাঞ্জ স্পীলহাছ (ৱাৰ), শ্রেষ্ঠ আৱহ সংগীত কর্ছ কালে আৰু দ্য ছেলভেজ অডি’ কালেক্টিভ (গালী বয়), শ্রেষ্ঠ নৃত্য পৰিচালনা ৰেম’ ডিছুজা (কলংক্), শ্রেষ্ঠ চিত্রগ্রহণ জয় ওজা (গালী বয়), শ্রেষ্ঠ সাজসজ্জা দিব্যা গম্ভীৰ, নিদ্ধি গম্ভীৰ (ছোনচিৰিয়া), শ্রেষ্ঠ মিউজিক এলবাম মিথুন, অমল মালিক, বিশাল মিশ্র, ছাছেট–পৰম্পৰা আৰু অখিল সছদেৱা (কবীৰ সিং) ৷ এই অনুষ্ঠানতে টাইমছ অৱ ইণ্ডিয়া গ্রুপে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ১.৬০ কোটি টকা আগবঢ়ায় ৷ এই অনুদান আনুষ্ঠানিকভাৱে গ্রহণ কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৷ ফিল্মফেয়াৰ এৱার্ডৰ ইতিহাসত প্রদর্শিত হ’ল অসমৰ বিহুনৃত্য ৷ সন্ধিয়াৰ অনুষ্ঠানৰ অন্যতম আকর্ষণ আছিল ঊষা উত্থুপৰ বিহুগীত ৷ এসময়ৰ ভাৰতীয় পপষ্টাৰগৰাকীয়ে ‘তোক দেখি মোৰ গা কেনেবা লাগে’ শীর্ষক বিহুগীতেৰে সমগ্র দর্শকক উৎসাহিত কৰে ৷ গানৰ তালে তালে দর্শকে হাত চাপৰিৰে শিল্পীগৰাকীক সহযোগ কৰে ৷ ৬৫সংখ্যক ফিল্মফেয়াৰ অনুষ্ঠানত উপস্থিত থাকে অভিনেতা আয়ুস্মান খুৰানা, বৰুণ ধাৱান, গোবিন্দা, পৰিণীতা চোপ্রা, ৰাধিকা আপ্তে, মহেশ ভাট, ভূমি পার্ণেকাৰ, অনন্যা পাণ্ডে আদিকে কৰি বলীউডৰ বহু তাৰকা ৷

You might also like