নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ ফিল্মফেয়াৰ এৱাৰ্ডলৈ মাজত মাথোঁ এটা দিন। ১৫ ফেব্ৰুৱাৰীৰ বিয়লি তাৰকাৰে উজ্বলি উঠিব সৰুসজাই ষ্টেডিয়াম। এই অনুষ্ঠানত উপস্থিত থাকিব অক্ষয় কুমাৰ, মাধুৰী দিক্ষীত, ৰণবীৰ সিং, কৰণ জোহৰ, বিকি কৌশল, বৰুণ ধাৱন, আয়ুস্মান খোৰানা, মনীষ পল, সঞ্জয় ঘোষ, কাৰ্তিক আয়ান, ৰাজকুমাৰ ৰাও, অনুভৱ সিং,পৰিণীতি চোপ্ৰা, ছানী লিয়নী ৰাধিকা আপ্তে অনন্যা পাণ্ডেকে ধৰি বহু তাৰকা। অনুষ্ঠানৰ আঁত ধৰিব বিকি কৌশল আৰু কৰণ জোহৰে।
অনুষ্ঠানলৈ নাহে অমিতাভ বচ্চন, ছলমান খান, শ্বাহৰুখ খান, আলিয়া ভাটকে ধৰি বহু তাৰকা। ইতিমধ্যে শেষ হৈছে ফিল্মফেয়াৰৰ টিকট। অসমৰ ৰাইজেই প্ৰায় ৯০শতাংশ টিকট ক্ৰয় কৰিছে বুলি সংবাদমেলত জনালে জয়ন্তমল্ল বৰুৱাই। উপস্থিত থাকিব শিল্পী জুবিন গাৰ্গ, সীমা বিশ্ৱাস, নিপন গোস্বামী। অসমৰ প্ৰায় ১৫০ শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব।