নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিল্মফেয়াৰে কেনেকৈ আগবঢ়াই নিব অসম পৰ্যটনক ?

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ ‘মাত্ৰ ২৩ কোটিৰে ২০০ মানুহৰ মাজলৈ লৈ যোৱা হৈছে অসম পৰ্যটনক । ফিল্মফেয়াৰৰ মঞ্চ ব্যৱহাৰ কৰি আমি অসম পৰ্যটনক বহু মানুহৰ মাজলৈ নিব পাৰিছোঁ । কিয়নো ফিল্মফেয়াৰৰ পূৰ্বে যি প্ৰমোশ্বনেল ভিডিঅ’ নিৰ্মাণ কৰা হৈছিল সেই ভিডিঅ’ শ্বুটিঙৰ বাবে আমাক প্ৰয়োজন হ’ল হেতেন কেইবাকোটি টকা । তাৰোপৰি ফিল্মফেয়াৰৰ গইনা লৈ দেশ-বিদেশৰ ভিন্ন টিভি চেনেলত প্ৰদৰ্শিত হৈছে প্ৰমোশ্বনেল ভিডিঅ’ । যি ভিডিঅ’ত অসমৰ কাজিৰঙা , শিৱসাগৰকে ধৰি পৰ্যটনৰ মূল কেন্দ্ৰ সমূহক উপস্থাপন কৰা হৈছে ।’ – সোমবাৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই এক সংবাদমেল সম্বোধন কৰি উল্লেখ কৰে এই কথা ।

ফিল্মফেয়াৰৰ আৰম্ভণিতে অসমীয়া চলচ্চিত্ৰৰ জন্মদাতা তথা ভাৰতৰ পঞ্চমখন ছবিৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা আৰু প্ৰমথেশ বৰুৱালৈ জনোৱা শ্ৰদ্ধাঞ্জলিয়ে ভাৰতৰ অন্য প্ৰান্ততো অনন্য ৰূপত অসমক তুলি ধৰিব বুলি উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে । কালাৰ্ছ টিভিৰ জৰিয়তে সম্প্ৰচাৰিত হোৱা ফিল্মফেয়াৰ অনুষ্ঠানৰ মাজে মাজে দেখুৱাই থকা অসম পৰ্যটনৰ বিজ্ঞাপন সুকীয়াকৈ যদি দিব লগা হ’লহেতেন তেতিয়া মাহে প্ৰায় বহু কোটি টকা খৰচ হ’লহেতেন বুলিও কয় জয়ন্ত মল্ল বৰুৱাই । ফিল্মফেয়াৰৰ যি প্ৰমোশ্বনেল ভিডিঅ’ সেই ভিডিঅ’ৰ ক্ষেত্ৰত পৰৱৰ্তী সময়তো টাইমছ্ গ্ৰুপ আৰু অসম চৰকাৰৰ কৰ্তৃত্ব থাকিব যাৰ বাবে বলীউডৰ তাৰকা অভিনীত সেই প্ৰমোশ্বনেল ভিডিঅ’ক পুনৰ পৰ্যটনৰ বিজ্ঞাপনতো ব্যৱহাৰ কৰিব পাৰিব বুলি কয় অধ্যক্ষগৰাকীয়ে ।

ইফালে, ফিল্মফেয়াৰৰ জৰিয়তে অসমৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰিবলৈ পূৰ্ব নিৰ্ধাৰিত যি ১২ মিনিট সময় দিলে তাত প্ৰায় ডেৰ শতাধিক অসমীয়া শিল্পীয়ে অংশগ্ৰহণ কৰে বুলিও উল্লেখ কৰে অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই । ৮০ গৰাকী বলীউডৰ নামী-দামী তাৰকাই অংশগ্ৰহণ কৰা এই অনুষ্ঠানত বঁটাটি প্ৰদানৰ বাবে লৈ যোৱা যুৱতী গৰাকীয়েও পৰিধান কৰি আছিল অসমীয়া সাজ । যিটো আছিল ফিল্মফেয়াৰৰ পৰম্পৰাৰ বাহিৰত ।

You might also like