নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিল্মফেয়াৰৰ মঞ্চত প্ৰদৰ্শিত হ’ব বিহু-সত্ৰীয়া নৃত্য

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ অসমৰ বাৰেৰহণীয়া সংস্কৃতি প্ৰদৰ্শন হ’ব ফিল্মফেয়াৰৰ মঞ্চত । প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰৰ বঁটা প্ৰদান অনুষ্ঠানত অসমৰ সত্ৰীয়া নৃত্য, বিহু নৃত্যুৰ লগতে ২৬ টা জাতি-জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব । ইয়াৰ বাবে সময় ধাৰ্য কৰা হৈছে ৯ ৰ পৰা ১২ মিনিট । ইতিমধ্যে এই অনুষ্ঠানৰ বাবে সাজু হৈ উঠিছে অসমৰ ১৬০জনীয়া এটা শিল্পীৰ দল ৷ নৃত্যানুষ্ঠানৰ আখৰা সম্পূর্ণ কৰিছে শিল্পীসকলে ৷ শুকুৰবাৰে সন্ধিয়া সৰুসজাইত অসমৰ শিল্পীসকলে চূড়ান্ত আখৰাত অংশগ্রহণ কৰে ৷

প্রাপ্ত তথ্য অনুসৰি সত্রীয়া নৃত্য পৰিচালনা কৰিব নৃত্যাচার্য যতীন গোস্বামীয়ে ৷ আনহাতে, বিহু নৃত্য আৰু জনজাতীয় সাংস্কৃতিক অনুষ্ঠান পৰিচালনা কৰিব বিহুৱা ৰঞ্জিত গগৈয়ে ৷ যদিহে বিশেষ সময়ৰ সালসলনি নহয়, তেতিয়াহ’লে ৭ বজাত সত্রীয়া নৃত্য প্রদর্শন কৰা হ’ব ৷ আনহাতে, অসমৰ সাংস্কৃতিক অনুষ্ঠানত বলীউডৰ জনপ্রিয় অভিনেতা বৰুণ ধাৱানে অংশগ্রহণ কৰিব বুলি জানিব পৰা গৈছে ৷ অসমৰ স্বাভিমান এটা এশিঙীয়া গঁড়ৰ প্রতীকৰ সৈতে মঞ্চত প্রৱেশ কৰিব বৰুণে ৷ আজিৰ অনুষ্ঠান সন্দর্ভত সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি বিহুৱা ৰঞ্জিত গগৈয়ে কয় যে ফিল্মফেয়াৰৰ দৰে অনুষ্ঠান অসমত অনুষ্ঠিত হোৱাটো যথেষ্ট আনন্দৰ খবৰ ৷ এই অনুষ্ঠানৰ জৰিয়তে অসমৰ সত্রীয়া নৃত্য আৰু বিহুৰ বিষয়ে সমগ্র বিশ্ববাসীয়ে জানিব বুলি উল্লেখ কৰি তেওঁ কয়– ‘অনৈক্যৰ মাজত ঐক্যৰ ডোলেৰে বান্ধি থকা আমাৰ জাতিৰ সংস্কৃতি বিশ্ববাসীৰ আগত প্রদর্শন কৰিবলৈ আমি সুযোগ লাভ কৰিছোঁ৷ এয়া আমাৰ বাবে সৌভাগ্যৰ কথা ৷’ উল্লেখ্য যে সৰুসজাইৰ মঞ্চত সাজ–সজ্জাসহ কাইলৈৰ অনুষ্ঠানৰ বাবে অসমৰ শিল্পীসকলে আখৰা কৰে ৷ অসমৰ জনপ্রিয় অভিনেত্রী গায়ত্রী মহন্ত আৰু আইমী বৰুৱাই এই সাংস্কৃতিক অনুষ্ঠানত ভাগ ল’ব ৷

You might also like