ফিল্মফেয়াৰ অনুষ্ঠানলৈ কিয় মতা নাছিল পাপনক ?
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ “পাপনক নিশ্চয়কৈ মতা হৈছিল । পাপনক মতা হোৱা নাছিল বুলি ক’লে ভুল হ’ব। কাৰণ নিমন্ত্ৰণ জনোৱা কাৰ্যটো হ’ল টাইমছ ইণ্ডিয়া গ্ৰুপৰ । যাকেই নিমন্ত্ৰণ কৰিছে সকলো টাইমছ ইণ্ডিয়া গ্ৰুপেই নিমন্ত্ৰণ কৰিছে । গতিকে আমাৰ পৰা লোৱা উপদেশ অনুসৰি তেওঁলোকে পাপনক মাতিছে ।”– ৬৫ তম ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ সফল সমাপ্তিৰ পাছত আজি সংবাদ মেল সম্বোধন কৰি এই স্পষ্টিকৰণ দিলে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ।
ইপিনে সাংবাদিকৰে হোৱা প্ৰশ্নকালত পাপনে ফিল্মফেয়াৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ নোপোৱা অভিযোগৰ বিষয়টোক খণ্ডন কৰি জয়ন্ত মল্ল বৰুৱাই লগতে ক’লে এই বঁটা প্ৰদান অনুষ্ঠান, আয়োজকগোষ্ঠী টাইমছ অৱ ইণ্ডিয়াই অসম পৰ্যটন বিভাগৰ উপদেশ মৰ্মেই অসমৰ শিল্পী, কলা-কুশলীৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক নিমন্ত্ৰণ আগবঢ়াইছিল । হয়টো কণ্ঠশিল্পী পাপনৰ সৈতে সংযোগত কিবা বাধাৰ বাবেই নহাকৈ থাকিল বুলি মন্তব্য কৰে বৰুৱাই ।