নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিল্মফেয়াৰ এৱাৰ্ডৰ টিকটৰ ৫০ শতাংশ ধন যাব অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ অসমত পোনপ্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠান হোৱাৰ প্ৰাকক্ষণত সোমবাৰে গুৱাহাটীৰ তাজ ভিভাণ্টাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অসম চৰকাৰ আৰু টাইমছ অৱ ইণ্ডিয়াৰ মাজত এক চুক্তি স্বাক্ষৰিত হয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু টাইমছ গ্ৰুপৰ পৰিচালন সঞ্চালক বিনীত জৈনৰ মাজত হোৱা এই চুক্তি অনুসৰি ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানৰ টিকটৰ পৰা লাভ কৰিবলগীয়া ধনৰ ৫০ শতাংশ ধন অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব টাইমছ গ্ৰুপে । এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অনুষ্ঠানৰ যোগেদি অসমক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব বুলি উল্লেখ কৰি অসমে পৰ্যটনৰ ক্ষেত্ৰত নতুন মাত্ৰা পাব বুলিও ব্যক্ত কৰে ।

You might also like