নিয়মীয়া বার্তা, ১ ফেব্ৰুৱাৰীঃ ছ’চিয়েল মিডিয়া ফেচবুকত বিতর্কিত পোষ্ট দিয়াৰ অভিযোগত ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল ধুবুৰীৰ এজন যুৱক ৷ উল্লেখ্য যে ইছলাম ধর্মাৱলম্বী লোকৰ ধর্মীয় বিশ্বাসত আঘাত হানি উক্ত ফেচবুক পোষ্টটোৰে সামাজিক অস্থিৰতা সৃষ্টি কৰাৰ অভিযোগ তুলি ধুবুৰীৰ কেইবাগৰাকী ব্যক্তিয়ে বৃহস্পতিবাৰে নিশা চহৰখনৰ ১৩নং ৱার্ডৰ ৰাহুল প্রসাদ নামৰ যুৱক এজনৰ বিৰুদ্ধে সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷ ইফালে, উক্ত ফেচবুক পোষ্টটোৰ বিষয়ে অৱগত হোৱা ক্ষুব্ধ একাংশ লোকেও সেইনিশাই থানাত উপস্থিত হৈ যুৱকজনক গ্রেপ্তাৰ কৰাৰ দাবী জনাইছিল ৷ উক্ত এজাহাৰমর্মে আৰক্ষীয়ে ধাৰা ১৫৩/১৫৩এ আৰ/ডব্লিউ ধাৰা ৬৭ আই টি এক্টত ১১৬৯/২০২০ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি যোৱা বৃহস্পতিবাৰৰ নিশাই সেই যুৱকজনক গ্রেপ্তাৰ কৰে ৷ শুকুৰবাৰে আৰক্ষীয়ে যুৱকজনক ধুবুৰী আদালতত হাজিৰ কৰায় আৰু আদালতৰ নির্দেশ মতে জে’ললৈ প্রেৰণ কৰে ৷ জানিব পৰা মতে, যুৱকজন ৰাষ্ট্রীয় বজৰংগ দলৰ ধুবুৰী নগৰ সভাপতি৷ উল্লেখ্য যে ছ’চিয়েল মিডিয়াত বিভিন্ন ধর্মাৱলম্বী লোকৰ আৱেগত আঘাত হনাকৈ পোষ্ট–মন্তব্য দিয়াটো শেহতীয়াকৈ বৃদ্ধি পাইছে ৷