বক্সাৰ মেৰিকমৰ বিৰুদ্ধে কোৱাৰেনটাইম প্ৰট’কল ভংগৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ সমগ্ৰ বিশ্বতে ক’ৰোনা ভাইৰাছে মাৰাত্মক ৰূপ লৈ থকাৰ সময়তে বিশ্ব চেম্পিয়ন বক্সাৰ তথা সাংসদ মেৰিকমে দায়িত্বজ্ঞানহীনতাৰে কোৱাৰেনটাইম প্ৰট’কল ভংগ কৰাৰ অভিযোগ উঠিছে । কিয়নো ৰাষ্ট্ৰপতি ভৱনৰ চাহ মেলত দুষ্যন্ত সিঙৰ সৈতে উপস্থিত থকা মেৰীকমে ইয়াৰ পূৰ্বে জৰ্ডানৰ আমানত অনুষ্ঠিত এছিয়া-অ’ছেনিয়া অলিম্পিক কোৱালিফায়াৰ্ছত অংশ লৈ দেশলৈ ঘূৰি আহিছিল ।
নিয়ম অনুসৰি তেওঁ ১৪ দিন কোৱাৰেনটাইম প্ৰট’কল মানি চলিব লাগে । কিন্তু তাকে নকৰি যোৱা ১৮ মাৰ্চত ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে আয়োজন কৰা চাহ মেলত উপস্থিত আছিল মেৰিকম ।
কিন্তু এই অভিযোগ খণ্ডন কৰি বক্সাৰ মেৰিকমে কয়- “জৰ্ডানৰ পৰা ঘূৰি অহাৰ পাছত মই ঘৰতে আছোঁ । মই মাত্ৰ ৰাষ্ট্ৰপতিৰ অনুষ্ঠানতহে উপস্থিত আছিলোঁ । মই দুষ্যন্তক সাক্ষাৎ কৰা নাই আৰু কৰমৰ্দনো কৰা নাই ।”
উল্লেখ্য যে সাংসদ দুষ্যন্ত সিঙক সাক্ষাৎ কৰা বাবে ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দেও ক’ৰোনা ভাইৰাছ পৰীক্ষা কৰিব ।