নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগাহাতীত পৰিণত ২৩৭ কোটি টকাৰ আঁচনি

কমলাবাৰী ফেৰীঘাটত ব্যাপক খহনীয়াঃ গড়কাপ্টানি পথলৈ ভাবুকি

নিয়মীয়া বাৰ্তা ১৩ জুনঃ মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্র ব’ৰ্ড নামৰ কেন্দ্রীয় সংস্থাটোৱে মাজুলীৰ এচপৰা মাটিৰো সুৰক্ষা প্রদান কৰিব পৰা নাই৷ সমান্তৰালভাৱে মাজুলীৰ ২৩৭ কোটি টকাৰে বেংক ৰিৱেটমেণ্ট আঁচনিত সমগ্র মাজুলীক সামৰি নদীৰ পাৰত জি’অ বেগ সংস্থাপনেৰে মাজুলীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে নিবিদা লাভ কৰিছিল অৰুণাচল প্রদেশৰ টি কে ইঞ্জিনীয়াৰিং নামৰ প্রতিষ্ঠানটোৱে৷ কিন্তু ঠিকা লাভ কৰাৰ পৰা ১৮ মাহত কাম সম্পূর্ণ কৰাৰ কথা আছিল যদিও বৰ্তমান ৫০ শতাংশ কামো সম্পূর্ণ কৰিব পৰা নাই প্রতিষ্ঠানটোৱে৷ যাৰ ফলত চপৰা চপৰে খহিছে মাজুলীৰ বক্ষ৷ বৰ্তমানে মাজুলীৰ কমলাবাৰী ফেৰীঘাটৰ নিচেই কাষতে ব্যাপৰ খহনীয়া আৰম্ভ হৈছে৷ খৰালি সময়ত বর্ডে খহনীয়া প্রতিৰোধৰ কাম কৰ্বি লাগিছিল যদিও সেই সময়ত কাম নকৰাৰ বাবে এতিয়া তীব্র খহনীয়া মাজুলীৰ কমলাবাৰী ঘাটত৷ এই খহনীয়াৰ ভয়ানক ৰূপে কমলাবাৰী পাৰঘাটৰ মূল গড়কাপ্টানি পথলৈ ভাবুকি মাতি আনিছে৷ পথটোৰ ১০০ মিটাৰ আঁতৰতেই এতিয়া তীব্র খহনীয়া আৰম্ভ হৈছে৷ উচিত সময়ত ব্যৱস্থা গ্রহণ নকৰিলে আগন্তুক দিনত এই স্থানত কমলাবাৰী পাৰঘাট যে নাথাকি সেয়া নিশ্চিত হৈ পৰিছে৷ কমলাবাৰী ঘাটত হোৱা তীব্র খহনীয়া ৰোধৰ বাবে আজিৰ পৰা পাৰঘাটত জি’অ বেগৰ সংস্থাপনৰ কাম আৰম্ভ কৰিছে যদিও এই বাৰিষা কালত এয়া ব্ৰহ্মপুত্র ব’র্ডে চৰকাৰী ধন লুণ্ঠনৰ অভিসন্ধি পতা লিহে সচেতন মহলে মত প্রকাশ কৰিছে৷ মাজুলীৰ সুৰক্ষা প্রদানৰ দায়িত্বত থকা বৰ্ডক মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে সুৰক্ষাৰ প্রক্রিয়া ক্ষিপ্রতাৰে কৰাৰ নির্দেশ দিছিল যদিও মুখ্যমন্ত্রীগৰাকীৰ নির্দেশকো বুঢ়া আঙুলি দেখুৱাই বৰ্ডে কাম কৰি অহাৰ ফল ভুগিব লগা হৈছে মাজুলীবাসীয়ে৷

You might also like