বঙাইগাঁৱত মাদ্ৰাছাত প্ৰশাসনৰ বুলডজাৰ
- বৃহৎ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত বুল্ডোজাৰৰে এফালৰ পৰা ভাঙিলে মাদ্ৰাছা
- ১৯৮৫ চনত স্থাপন কৰা মাদ্ৰাছাখনত ২০১৪ চনত শিক্ষক হিচাপে যোগদান কৰে জেহাদী হাফিজুৰে
নিয়মীয়া বাৰ্তা, ৩১ আগষ্টঃ ৰাজ্যৰ একাংশ মাদ্ৰাছাত চৰকাৰে বুল্ডোজাৰ চলাই যি উচ্ছেদ অভিযান চলাই আহিছে সেয়া যেন এতিয়াও থমকি ৰোৱা নাই । বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত কাবাইটাৰীত জেহাদীয়ে শিক্ষকৰ ৰূপত থকা মাদ্ৰাছাখনত প্ৰশাসনৰ এইবাৰ চলিল বুল্ডোজাৰ । যোগীঘোপাৰ কাবাইটাৰীস্থিত মাৰ্কাজুল মা আৰিফ আৰু ক্কাৰিয়ানা মাদ্ৰাছাখনত আজি বঙাইগাঁও জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। আজি পুৱা বঙাইগাঁও জিলা প্ৰশাসনে বৃহৎ সংখ্যক আৰক্ষী-অৰ্ধসামৰিক বাহিনী লগত লৈ মাদ্ৰাছাখনত উপস্থিত হয়। উচ্ছেদৰ সময়ছোৱাত যাতে কোনোধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হব নোৱাৰে তাৰবাবেই মোতায়ন কৰে বৃহৎ সংখ্যক আৰক্ষী-অৰ্দ্ধসামৰিক বাহিনীৰ জোৱান। একপ্ৰকাৰ এক যুদ্ধ সদৃশ পৰিবেশৰ সূচনা হয় মাদ্ৰাছাখনত ।আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ঘেৰি ৰাখে মাদ্ৰাছাখনৰ চৌপাশ ।তাৰ পিছতে পুৱা ৯ বজাত প্ৰশাসনে দহটাকৈ বুল্ডোজাৰ লগাই এফালৰ পৰা মাদ্ৰাছা খনত উচ্ছেদ অভিযান চলাই ।
উল্লেখ্য যে, যোৱা ২৬ আগষ্টত জেহাদী কাৰ্যকলাপৰ লগত জড়িতৰ থকাৰ অভিযোগত উক্ত মাদ্ৰাছাখনৰ শিক্ষক মুফতি হাফিজুৰ ৰহমানক গোৱালপাৰা জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাত শিক্ষক হাফিজুৰ ৰহমানে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত গোৱালপাৰা জিলা আৰক্ষীয়ে যোগীঘোপা আৰক্ষীৰ সহযোগত যোৱা নিশা মাদ্ৰাছাখনৰ চৌহদত চৌহদত থকা জেহাদী হাফিজুৰ ৰহমান এখন দোকানত তালাচী চলাই কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। আৰক্ষীয়ে দোকানখনৰ পৰা এ বি টি অৰ্থাৎ আনচাৰুল বাংলা টীমৰ প্ৰচাৰ পত্ৰিকা আৰু AQIS তথা অলকায়দাৰ ল’গো সম্বলিত কেতবোৰ বিতৰ্কিত সামগ্ৰী জব্দ কৰে ।ইয়াৰ পিছতে কঠোৰ হৈ পৰে জিলা প্ৰশাসন। নিশাই জিলা প্ৰশাসনে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সহযোগত খালী কৰে ছাত্ৰাৱাস । জিলা প্ৰশাসনে উক্ত মাদ্ৰাছাখন ছাত্র সকলৰ বসবাসৰ অনুপোযোগী বুলি বিভিন্ন কাৰণ দেখুৱাই কাৰন দৰ্শাই কালি উচ্ছেদৰ জাননী প্ৰেৰন কৰে।উচ্ছেদৰ জাননী প্ৰেৰণ কৰাৰ পিছত নিশাই মাদ্ৰাছাখনত অধ্যয়নৰত ছাত্ৰক ঘৰলৈ যাব’লৈ দি মাদ্ৰাছা খালি কৰাৰ নিৰ্দেশ দিয়ে । নামনি অসমৰ বিভিন্ন জিলাৰ পৰা মাদ্ৰাছাখনত অধ্যয়নৰত ২২৪ গৰাকী ছাত্ৰক ঘৰলৈ যাব দি মাদ্ৰাছাখন খালি কৰে । নিশাই মাদ্ৰাছাখন খালি কৰাত শিক্ষাৰ্থী সকলে এক প্ৰকাৰৰ বিপাংত পৰে।
ইপিনে জিলা প্ৰশাসনৰ পৰা উচ্ছেদৰ জাননী পোৱাৰ পিছত স্থানীয় ৰাইজৰ সহযোগত মাদ্ৰাছাখনৰ কৰ্তৃপক্ষই এটি বাসগৃহ ভাঙি পেলায়। ইপিনে আজি পুৱা জিলা প্ৰশাসনে দহখন বুল্ডোজাৰৰ সহযোগত মাদ্ৰাছাখনৰ দুমহলীয়া ছাত্ৰাবাসৰ লগতে অন্যান্য বাসগৃহ ভাঙি পেলায়। মাদ্ৰাছাখনৰ উচ্ছেদৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। উল্লেখযোগ্য যে, ১৯৮৫ চনত স্থাপন কৰা মাদ্ৰাছাখনত ২০১৪ চনত শিক্ষক হিচাবে যোগদান কৰিছিল জেহাদি মুফতি হাফিজুৰ ৰহমানে । এক দীৰ্ঘসময় ধৰি শিক্ষকতা কৰা হাফিজুৰ ৰহমানে আনচাৰুল বাংলা টীম আৰু অলকায়দাৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰি চলিছিল । শেহতীয়াকৈ গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা একাংশ জেহাদিৰ স্বীকাৰোক্তিৰ ভিত্তিত হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ পিছতেই মাদ্ৰাছাখন উচ্ছেদ কৰে প্ৰশাসনে ।প্ৰশাসনৰ এনে উচ্ছেদ অভিযানৰ ঘটনাই অঞ্চলটোত এক প্ৰকাৰৰ চেপা উত্তেজনাই বিৰাজ কৰিছে ।প্ৰশাসনৰ মাদ্ৰাছা উচ্ছেদ অভিযানত ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে । ইপিনে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক শ্বেখ আব্দুল হামিদে উচ্ছেদিত মাদ্ৰাছাখনত বিয়লি এক সংবাদ মেলৰ আয়োজন কৰি প্ৰশাসনৰ উচ্ছেদ অভিযান তীব্ৰ বিৰোধ কৰে ।আনহাতে বাতৰি যুগতোৱা পৰলৈকে মাদ্ৰাছাখনত প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত আছে।