নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বতৰে বিধি-পথালি দিব নেকি আজি বৰ্ষাপাৰাত !

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ বৰ্ষাপাৰাত অনিশ্চয়তাৰ কলিয়া ডাৱৰ । বিশেষকৈ আজি পুৱাৰ এজাক কিনকিনীয়া বৰষুণে গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যক তিয়াই যোৱাৰ সমান্তৰালকৈ সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ভাৰত-শ্ৰীলংকাৰ মাজৰ খেলখনক লৈও এতিয়া বৰষুণৰ আংশকা কৰা হৈছে ।

মেঘাচ্ছন্ন বতৰ দেখি পুৱাই ক্ৰীড়াপ্ৰেমীৰো মনবোৰ সেমেকি পৰিছিল । অৱশ্যে দুপৰীয়াৰ সময়লৈকে আকাশ মুকলি হোৱাত বৰ্তমান পুনৰ মহানগৰীত খেলৰ উন্মাদনা বৃদ্ধি পাইছে ।

আনহাতে যদি আজিৰ খেলত বৰষুণৰ মুখামুখি হয় তেনেহলে নিশ্চিত ভাৱে নিজৰ প্ৰিয় খেলুৱৈজনক ওচৰৰ পৰা চোৱাৰ যি হেপাহ সেইয়া হেৰুৱাবলগীয়া হ’ব ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীয়ে ।

উল্লেখ্য যে শুকুৰবাৰে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰলৈ বতৰ ফৰকাল হোৱাৰ কথা প্ৰকাশ কৰিছিল যদিও কাৰ্যতঃ দেওবাৰে পুৱাৰ বৰষুণজাকে সেই কথা নস্যাৎ কৰে ।

You might also like