🔹 শিৱসাগৰ বন বিভাগৰ অভিযানত চাৰিখনকৈ চোৰাং বালিভৰ্তি ডাম্পাৰ জব্দ
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰক ৰাজহ ফাঁকিৰে বনজ সম্পদ অবৈধ প্ৰক্ৰিয়াৰে সৰবৰাহ কৰি অহা চোৰাং ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে শিৱসাগৰ বন বিভাগে ৷ বন বিভাগৰ চকুত ধূলি দি শিল নগৰী বিহুবৰ-লক্ষ্মীজানৰ পৰা শিৱসাগৰ জিলাৰ মাজেদি ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ অবৈধ প্ৰক্ৰিয়াৰে সৰবৰাহ কৰি অহা অৱৈধ শিল পৰিবাহী ট্ৰাক – ডাম্পাৰৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰখা শিৱসাগৰ বন বিভাগে এইবাৰ অবৈধ বালি সৰবৰাহকাৰীৰ বিৰুদ্ধেও কঠোৰ অভিযান আৰম্ভ কৰিছে ৷বিশেষকৈ বিগত প্ৰায় তিনিটা মাহত বনজ সম্পদ ধ্বংসকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই ত্ৰিশখনতকৈ অধিক শিল, বালি সৰবৰাহকাৰী ট্ৰাক-ডাম্পাৰ জব্দ কৰি বৃহত পৰিমাণৰ জৰিমনা বিহিবলৈ সক্ষম হোৱা জিলা বন সংমণ্ডল বিভাগৰ ৰেঞ্জাৰ হিমাংশু গগৈৰ নেতৃত্বত পুনৰ চলিল আন এক সফল অভিযান ৷ জানিব পৰা মতে, ডিব্ৰুগড় জিলাৰ খোৱাং ঘাটৰ পৰা কোনোধৰণৰ বৈধ অনুমতি পত্ৰ নোহোৱাকৈ শিৱসাগৰ জিলাৰ মাজেদি নিয়মিত একাংশ চোৰাং বালিভৰ্তি ট্ৰাক চলাচল কৰাৰ তথ্য লাভ কৰিছিল বিষয়াগৰাকীয়ে ৷ এই তথ্যৰ ভিত্তিতেই ৰেঞ্জাৰ হিমাংগু গগৈৰ নেতৃত্বত যোৱা এটা বনকৰ্মীৰ দলে কালি নিশাৰ পৰা আজি পুৱা আঠ বজা পৰ্য্যন্ত মুঠ ৪ খনকৈ চোৰাং বালিভৰ্তি বৃহত আকাৰৰ ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ নগৰৰ সমীপৰ দৰিকাপাৰ আৰু ষ্টেচন চাৰিআলিত গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযান কালত জব্দ কৰিবলৈ সক্ষম হোৱা বালিভৰ্তি ডাম্পাৰকেইখন হৈছে এন এল-০৪ ডি-৭৩৩২, এএছ-০৪ বি চি-২৯৬৬, এএছ-০৪ বিচি-৫০১৭ আৰু এন এল-০৪ ডি-৫৩৭১ নম্বৰৰ ৷ জব্দকৃত ডাম্পাৰকেইখনৰ পৰা কোনোধৰণৰ বৈধ নথি- চালান লাভ নকৰাত বন আইনৰ অধীনত জব্দ কৰি জৰিমনা বিহা হৈছে বুলি বিভাগীয় বন বিভাগৰ এক শীৰ্ষ সূত্ৰই সাংবাদিকক জানিবলৈ দিছে ৷ স্মৰ্তব্য যে শিৱসাগৰ ৰেঞ্জৰ অধীনত ৰাজহ সংগ্ৰহৰ বাবে নিজা কোনো লাভজনক উৎস নথকাৰ পিছতো শিৱসাগৰ ৰেঞ্জে চহৰখনৰ মাজেদি চলাচলৰ চেষ্টা কৰা অবৈধ বালি-শিল সৰবৰাহকাৰী ট্ৰাক-ডাম্পাৰ জব্দ কৰিয়েই বৃহত সংখ্যক ৰাজহ সংগ্ৰহ কৰিবলে সক্ষম হৈছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান