নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যত চিকিৎসাধীন ৬২০ ব্যক্তিৰ একাউণ্টত সোমাল ২৫ হাজাৰকৈ

দেশৰ বিভিন্ন ৰাজ্যত আছে অসমৰ ৪,৩২,৩৮৩ টা পৰিয়াল ।

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ এতিয়াও দেশৰ বিভিন্ন ৰাজ্যত অসমৰ ৪,৩২,৩৮৩ টা পৰিয়াল আছে । এই আটাইৰে পৰিয়াল দুখীয়া পৰিয়া । এই কথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে এখন সংবাদমেলত মন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা অসমৰ লোকসকলক অসম চৰকাৰৰ সৈতে যোগাযোগ কৰিবলৈ হেল্পলাইন নম্বৰ মুকলি কৰি দিয়াৰ পাছতেই এতিয়ালৈ ৪,৩২,৩৮৩টা ফোনকল চৰকাৰে লাভ কৰে ৷ লকডাউনৰ পূর্বে বহিঃৰাজ্যত থকা অসমৰ যথেষ্টসংখ্যক লোক উভতি অহাৰ পিছতো সেই ফোনকলসমূহ আহিছে৷ ফোনকলসমূহ পৰিয়ালৰ মুৰব্বীৰ পৰাহে যিহেতু আহিছে সংখ্যা হিচাপত সেয়া প্রায় ১৫ লাখমান হ’ব৷ ইয়াৰে ২,১৭,২২০জনে প্র–পত্র পূৰণ কৰি চৰকাৰক পঠিয়াই দিছে৷ পৰহিলৈ ইয়াৰে ৫০ হাজাৰজনৰ তথ্যপাতি পুনৰীক্ষণ কৰি চৰকাৰে তেওঁলোকৰ একাউণ্টত পুঁজি পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব৷ তেওঁ লগতে বহিঃৰাজ্যত থকা যিসকল লোকে এতিয়ালৈ চৰকাৰক প্র–পত্র দাখিল কৰা নাই, তেওঁলোকক অচিৰেই প্র–পত্রসমূহ পূৰণ কৰি প্রেৰণ কৰিবলৈ আহ্বান জনায়৷ বহিঃৰাজ্যত থকা অসমৰ ৪,৩২,৩৮৩টা পৰিয়ালৰ ভিতৰত কর্ণাটকত সর্বাধিক ৬৬,০০০ অসমৰ পৰিয়াল আছে৷ সেইদৰে কেৰালাত ৩৪,০০০ অসমৰ পৰিয়াল আছে৷ একেদৰে তামিলনাডুত ৩৩ হাজাৰ, মহাৰাষ্ট্রত ২১ হাজাৰ, তেলেংগানাত ১৬ হাজাৰ অসমৰ পৰিয়াল আছে৷ আনহাতে, গুজৰাটত ৫,৬২০, গোৱাত ৪,৬১৫, পশ্চিমবংগত ৪,৫১২, হাৰিয়ানাত ৪,৩০২, দিল্লীত ৩,৭২৯টা অসমৰ পৰিয়াল আছে৷ ইপিনে লকডাউনৰ পৰিপ্রেক্ষিতত দেশৰ বাহিৰত আবদ্ধ হৈ থকা মুঠ ৩৪জন ব্যক্তিক ইতিমধ্যে প্রথম পর্যায়ত এহাজাৰ ডলাৰকৈ আর্থিক অনুদান আগবঢ়োৱাৰ বিষয়ে জানিবলৈ দি তেওঁ কয় যে অহা ২৪–২৫ এপ্রিলৰ ভিতৰত তেওঁলোকক দ্বিতীয় পর্যায়ত এহাজাৰ ডলাৰ আগবঢ়োৱা হ’ব৷ সেইদৰে দেশৰ ভিন্ন প্রান্তত কেঞ্চাৰ–কিডনী–হার্ট ৰোগৰ চিকিৎসাৰ বাবে গৈ আবদ্ধ হৈ থকা লোকসকলক সহায়ৰ বাবেও ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰাৰ বিষয়ে মন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷ এই সম্পর্কত তেওঁ কয় যে তেনেদৰে চিকিৎসাৰ বাবে গৈ ৰাজ্যখনৰ মুঠ ৯৪৩জন লোক আবদ্ধ হৈ আছে৷ ইয়াৰে ৬২০জনৰ একাউণ্টত ২৫ হাজাৰ টকাকৈ আর্থিক অনুদান দিয়া হৈছে৷ আজি নিশাৰ ভিতৰত আন ১০৫জনে একাউণ্টত সেই পুঁজি লাভ কৰিব৷ ২০৮খন আবেদন জিলা উপায়ুক্তসকলৰ পর্যায়ত পুনৰীক্ষণ চলি আছে৷ দুই–এদিনৰ ভিতৰতে তেওঁলোকেও একাউণ্টত সেই পুঁজি লাভ কৰিবলৈ সক্ষম হ’ব৷ মন্ত্রী ড০ শর্মাই আৰু প্রকাশ কৰা মতে, আজিৰ দিনটোত মুম্বাই অসম ভৱনত ৯৫জন কেঞ্চাৰ ৰোগী আবদ্ধ হৈ আছে৷ ভিন্ন প্রান্তত আবদ্ধ হৈ থকা লোকসকলক আর্থিকভাৱে সকাহ দিয়াৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে নিজা নিজা পর্যায়ত কাম কৰি আহিছে ৷ ৰাইজৰ লগতে চৰকাৰী কর্মচাৰীসকলে এই মুহূর্তত সহায়–সহযোগিতা আগবঢ়াই আহিছে ৷

You might also like