বহিঃৰাজ্যৰ পৰা অহা ১০ শতাংশই যাব নিবিচাৰে কোৱাৰেণ্টাইনত
নিয়মীয়া বাৰ্তা, ১০ মে’ : বহু ক্ষেত্রত শিথিলতাৰে আৰম্ভ হোৱা তৃতীয় পর্যায়ৰ লকডাউনৰ লগে লগে বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকল গৃহভূমিলৈ অহাৰ প্রক্রিয়া আৰম্ভ হৈছে ৷ প্রতিদিনে বহিঃৰাজ্যত আবদ্ধ হৈ থকা জাকে জাকে মানুহ অসমত সোমোৱা আৰম্ভ কৰিছে ৷ ব্যক্তিগত বাহনকে ধৰি বিভিন্ন ধৰণৰ বাছ আৰু গাড়ী ভাৰা কৰি মানুহ আহি আছে ৷ পিছে বহিঃৰাজ্যত আবদ্ধ হৈ থকা মানুহ আহিবলৈ আৰম্ভ কৰাৰ পাছতেই ৰাজ্যখনত ক’ৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে ৷ যোৱা বুধবাৰে অসম চৰকাৰৰ অনুমতি অবিহনে ৰাজস্থানৰ আজমীৰৰ পৰা এখন বাছত সম্পূর্ণৰূপে সামাজিক দূৰত্ব উলংঘা কৰি ৪৫জনকৈ লোক শিলচৰত উপস্থিত হয় ৷ ইতিমধ্যে সেই দলটোৰ ১০জনকৈ লোক ক’ভিড–১৯ত আক্রান্ত হোৱা ঘটনাই সমগ্র বৰাক উপত্যকাতে আতংক সৃষ্টি কৰিছে ৷
আনহাতে, চৰকাৰে বহিঃৰাজ্যত আবদ্ধ লোকসকলক গৃহভূমিলৈ উভতি অহাৰ অনুমতি প্রদান কৰিছে যদিও এইক্ষেত্রত কিছু চর্তও বান্ধি দিছে ৷ এখন বাছত মুঠ আসনৰ ৫০ শতাংশ যাত্রী কঢ়িওৱাৰ লগতে অসমত উপস্থিত হোৱাৰ লগে লগে নমুনা পৰীক্ষা আৰু কোৱাৰেণ্টাইনত থকাৰ কঠোৰ চর্ত দিয়া হৈছে ৷ পিছে অসম আহি পোৱাৰ পাছতেই একাংশ লোকে কোৱাৰেণ্টাইনত থকাৰ ক্ষেত্রত অনীহা প্রকাশ কৰি আহিছে ৷ অসমত উপস্থিত হোৱাৰ লগে লগে শৰীৰ পৰীক্ষাৰ সময়ত দেহৰ উষ্ণতা যাতে সঠিকভাৱে প্রতিফলিত হয়, তাৰ বাবে বহুতেই পেৰাচিটামল টেবলেট আদিও গ্রহণ কৰাৰ অভিযোগ উঠিছে ৷ বহিঃৰাজ্যৰ পৰা উভতি অহা লোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্যতা স্বীকাৰ কৰি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে সকলোৱেই নহয়, কিন্তু ১০ শতাংশই কোৱাৰেণ্টাইনত যাব নিবিচাৰে ৷ তদুপৰি ৰেড জ’ন হিচাপে চিহ্নিত অঞ্চলকে ধৰি ১৩খন ৰাজ্য য’ত ক’ৰোনা ভাইৰাছৰ সংক্রমণ আছে, তাৰ পৰা অহা প্রতিজন লোকৰে নমুনা পৰীক্ষাৰ ফলাফলত কোনো ধৰণৰ সংক্রমণ নথকাটো নিশ্চিত হ’লেহে ঘৰলৈ যাবলৈ দিয়া হ’ব৷ তদুপৰি ৰাজ্যখনৰ চাৰিটা জ’নেল চেণ্টাৰত শনিবাৰৰে পৰা কম্পিউটাৰত এনে এক ছফ্টৱেৰ ইনষ্টল কৰা হ’ব, যি ছফ্টৱেৰৰ জৰিয়তে জিলা উপায়ুক্তসকলে তেওঁলোকৰ জিলাৰ কোন অঞ্চললৈ বহিঃৰাজ্যৰ কোন অঞ্চলৰ পৰা কোন লোক আহিছে, সেয়া জানিব পাৰিব ৷ ইপিনে বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ শৰীৰ পৰীক্ষা, নমুনা সংগ্রহকে ধৰি ৰাজ্যখনৰ কোকৰাঝাৰ, গুৱাহাটী, যোৰহাট, তেজপুৰ আৰু শিলচৰত বৃহৎ কোৱাৰেণ্টাইন কেন্দ্র স্থাপন কৰা হৈছে ৷