নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঁহৰ টুকুৰাৰে অভিনৱ ভাস্কর্য জামুগুৰিহাটৰ তজিৰুলৰ

আকর্ষণীয় ৰূপত সাজি উলিয়াইছে ‘ৱাটাৰ ফাউণ্টেইন’

নিয়মীয়া বার্তা, জামুগুৰিহাট, ২৬ নৱেম্বৰঃ জামুগুৰিহাটৰ এগৰাকী প্রচাৰবিমুখ যুৱ ভাস্কর্য শিল্পী ৷ নাম তজিৰুল হক ৷ যিগৰাকী যুৱ ভাস্কর্য শিল্পীৰ হাতৰ পৰশত এতিয়া প্রাণ প্রাই উঠিছে বাঁহৰ টুকুৰাই ৷ জামুগুৰিহাটৰ বাকোলা গাঁৱৰ এইগৰাকী ভাস্কর্য শিল্পী এতিয়া ব্যস্ত হৈ পৰিছে বাঁহৰ টুকুৰাৰে বিভিন্ন আকর্ষণীয় সামগ্রী নির্মাণৰ ক্ষেত্রত ৷ সৰুকালৰ পৰাই হাতত লৈ থকা কটাৰীখনেৰে বাঁহ আৰু কাঠৰ টুকুৰাত শিল্পী মনৰ প্রতিফলন ঘটাই বিভিন্ন ভাস্কর্য খোদিত কৰা তজিৰুলে শেহতীয়াভাৱে বাঁহৰ টুকুৰাৰে আকর্ষণীয় ৰূপত তৈয়াৰ কৰি উলিয়াইছে ড্রয়িং ৰুমত সজাই থ’ব পৰা ৱাটাৰ ফাউণ্টেইন ৷ বাঁহৰ টুকুৰাৰে নিখুঁত ৰূপত তৈয়াৰ কৰি উলিওৱা এই ৱাটাৰ ফাউণ্টেইনত চাইকেল চলোৱা, দমকল মৰা, ঘোঁৰা দৌৰা,বৰশী বোৱা, কুলাত চাউল জৰা দৃশ্য সাইলাখ জীৱন্ত ৰূপত প্রতিফলিত হৈছে ৷ তদুপৰি বাঁহৰ ব্যৱহাৰেৰে নির্মাণ কৰি উলিওৱা কলকাতাৰ হাওৰা দলঙেও সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে ৷ জামুগুৰিহাটৰ এইগৰাকী ভাস্কর্য শিল্পীৰ সৃষ্টিশীল মনে নতুন নতুন সৃষ্টিত মনোনিৱেশ কৰিবলৈ বিচাৰে যদিও চৰকাৰে এইক্ষেত্রত যুৱ ভাস্কর্য শিল্পীগৰাকীক কিছু সহায়–সহযোগিতা আগবঢ়ালে অনাগত দিনত নিজৰ কর্মক্ষেত্রত আগবাঢ়ি গৈ ৰাইজক নতুন নতুন সৃষ্টি উপহাৰ দিবলৈ সক্ষম হ’ব বুলি আশা কৰিব পাৰি ৷

You might also like