নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটা চাৰিআলিত এশ গছপুলি ৰোপণ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ

নিয়মীয়া বাৰ্তা,  ২৪ জুলাই : ”জীৱজগতৰ প্ৰতিগৰাকী মানুহৰ বিপৰীতে পৰিপূৰক অক্সিজেন যোগান ধৰিবলৈ ২৮ জোপা গছৰ প্ৰয়োজন হয়। কানাডাত প্ৰতিগৰাকী লোকৰ বিপৰীতে ৯ হাজাৰ জোপা গছ আছে। এজোপা বৰগছে জীৱজগতলৈ ২০০ বিধ ঔষধি গুণ আৰু সুবিধা প্ৰদান কৰে।”- এইবুলি মত ব্যক্ত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° মোহন চন্দ্ৰ কলিতাই । আজি বাইহাটা চাৰিআলিত থকা অগ্নিবাকৰি ৰাজহুৱা শ্মাশানত এশটা গছপুলি ৰোপণ অনুষ্ঠান এটিত অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত অধ্যাপক ড° কলিতাই নিজৰ ভাষণ প্ৰসংগত আজিৰ এই সংকটপূৰ্ণ পৰিৱেশ হৈ থকাৰ সময়ত গছপুলি ৰোপণৰ দ্বাৰা পৰিৱেশ কেনেদৰে বাসোপযোগী তথা সুন্দৰ কৰি তুলিব পাৰি, তাৰ বিভিন্ন তথ্যসমৃদ্ধ বিস্তৃত ব্যাখ্যা আগবঢ়ায়। বাইহাটা চাৰিআলি অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ উদ্যোগত তথা অধ্যাপক ড০ মোহন চন্দ্ৰ কলিতাৰ পৃষ্ঠপোষকতাত স্থানীয় আগডলা গাঁৱত থকা অগ্নিবাকৰি ৰাজহুৱা শ্মাশান চৌহদত এই গছপুলি ৰোপণ উপলক্ষে আয়োজিত সভাত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ সভাপতি চহিদুল ইছলামে পৌৰোহিত্য কৰে। কৰ্মচাৰী সন্থাৰ সম্পাদক গজেন্দ্ৰ নাথ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই নিজৰ ভাষণ প্ৰসংগত উদ্যোক্তাসকলৰ এনে কাৰ্যসূচীৰ প্ৰশংসা কৰে।আনহাতে, সভাত উক্ত অগ্নিবাকৰি পৰিচালনা সমিতিয়ে চৌহদ বেৰ নিৰ্মাণ সন্দৰ্ভত বিধায়ক দিগন্ত কলিতাক আবেদন পত্ৰ অৰ্পণ কৰাত বিধায়কগৰাকীয়ে এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে । আজিৰ এই অনুষ্ঠানৰ সকলো কাযসূচীৰ আঁত ধৰে বিশিষ্ট সমাজকৰ্মী তথা অৱসৰী শিক্ষক কৃষ্ণকান্ত কলিতাই। আনহাতে, উক্ত কৰ্মচাৰী সন্থাই পৰৱৰ্তী সময়ত এনে গছপুলি ৰোপণ কাৰ্যসূচী বাইহাটা চাৰিআলি নগাওঁ ৰাজহুৱা কবৰস্থানত অনুষ্ঠিত কৰিব বুলি উদ্যোক্তাসকলে জনাইছে।

প্ৰেৰক লক্ষী ডেকা

You might also like